বৰপেটাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ

0
72

বৰপেটাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক , হাউলী , বৰপেটা, ১ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি বৰপেটাতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি কৰে আছুৱে ৷ উল্লেখ্য যে,দেওবাৰে শুৱালকুছিত আছুৱে’কা’ৰ বিৰুদ্ধে গ্ৰহণ কৰা জোঁৰ সমদল কাৰ্যসূচীত গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোনোৱালৰ আৰক্ষীয়ে আছু কৰ্মীক যি নিৰ্মম অত্যাচাৰ চলাইছিল , তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। আছুৱে মুখ্যমন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ কৰাৰ লগতে সম্প্ৰতি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,অত্যাচাৰী বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল পৰিৱেশ কৰি তোলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here