বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

    0
    45

    বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

    প্ৰতিবেদক মনজিৎ দাস হাউলী , ১৯ ফেব্ৰুৱাৰীঃ সম্প্ৰতি ৰাজ্যৰ লগতে বৰপেটাতো আছুৰ বিক্ষোভ ৷ পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি বৰপেটাতো আছুৱে বিক্ষোভ কাৰ্যসুচী ৰূপায়ণ কৰে । উল্লেখ্য যে,খাদ্য সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সন্মুখত আজি জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসৰ নেতৃত্বত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here