বৰপেটাৰোডত কেবাটাও পথৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

0
175

বৰপেটাৰোডত কেবাটাও পথৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই


দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা, ১১ফেব্ৰুৱাৰী: অসম চৰকাৰৰ লােকনির্মাণ, স্বাস্থ্য, বিত্ত আদি বিভাগৰ মন্ত্রী ড ° হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটাৰোডত অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত সৰভােগ , জনীয়া , ক্ষেত্রীয় পথ , সংমণ্ডলৰ অধীনত ২০-২১ বিত্তীয় বৰ্ষৰ অধীনত মজুৰিপ্ৰাপ্ত বিভিন্ন শিতানৰ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে ৷ পথসমূহ হৈছে নুনতােলা নুনী বাগানৰ পৰা তুলসী ৰাজবংশীৰ ঘৰ হৈ নুনতােলা প্রাথমিক বিদ্যালয় সংযােগীপথৰ পকীকৰণ, পাতিলাদহ পানবাৰী পথৰ পৰা চুলীয়াকাটা গাওঁ পঞ্চায়ত কাৰ্যালয় হৈ নিজ দামুগাঁও তিনিআলী যােৱা পথৰ পকীকৰণ, সুকুমাৰৰ ঘৰৰ পৰা ধনঞ্জয় , নকুল বৰ্মনৰ ঘৰ হৈ বিমল পালৰ ঘৰলৈ যােৱা পথৰ পকী কৰণ অজিত দাসৰ ঘৰৰ পৰা জেৰেংগাপৰা গাওঁৰ সত্য বৰ্মন ঘৰ সংযােগী পথৰ পকীকৰণ, ঢিলাৰবৰী ডােমকা পাৰা গ্রাম্য পথৰ কামেশ্বৰ ৰয়ৰ ঘৰ হৈ বকুলৰ তললৈ যােৱা পথৰ পকীকৰণ, মেডা PMGSY পথৰ ওচৰৰ পানী টেংকীৰ পৰা ৰমাল গােহাঁই মন্দিৰ হৈ ১৯৯ নং প্রাথমিক বিদ্যালয় সংযােগী পথৰ পকীকৰণ, বৰপেটাৰােড ৱার্ড নং ৮ মিলন নগৰ পথৰ পকীকৰণ, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰিৰ পৰা বৰপেটাৰােডউৰণীয়া সেঁতু সংলগ্ন চাৰিলেন পথ আৰু নলা , পদ পথৰ নির্মাণ, কামচাই গামী প্রাথমিক বিদ্যালয়ৰ পৰা চনপেৰা গ্রাম্য পথ হৈ মটংঙ্গা গাওঁলৈ যােৱা পথৰ পকীকৰণ, সৰভােগ ষ্টেচন ফিডাৰ ৰােড ওচৰৰ ৫৪ নং দক্ষিণ গনক গৰি প্রাথমিক বিদ্যালয় ঠাকুৰানী মন্দিৰ হৈ সন্তৰাবাৰী PMGSY সংযােগী পথৰ পকীকৰণ, সন্তোষ কর্মকাৰৰ ঘৰৰ পৰা ১৯৩৩ নং পশ্চিম নিচুকা প্রাথমিক বিদ্যালয় সংযােগী পথৰ পকী কৰণ,চৰণ দৈমাৰীৰ ঘৰৰ পৰা আঠিয়াবাৰী গাওঁৰ দ্বিজেন বড়াে আৰু ডালিমী বড়াে ঘৰ হৈ ৰমনী দৈমাৰীৰ ঘৰলৈ যােৱা পথৰ পকী কৰণ, পেৰাগাওঁ নৰশিংহ গােসাই মন্দিৰৰ পৰা উত্তৰ অন্তৰাদহা PMGSY তিনিআলী সংযােগী পথৰ পকীকৰণ, কাটাঝাৰ পথাৰৰ পৰা কাহিমা পথাৰলৈ যােৱা পথৰ বেঁকী নদীৰ ওপৰত পকী দলং নং ২/১ নির্মাণ, নিমুৱা প্রাথমিক স্বাস্থ্য কেন্দ্র পৰা নলপাৰাগাওঁ হৈ ভার্টৌ পুখুৰীলৈ যােৱা পথৰ নির্মাণ, গােৱর্ধনা হাইস্কুলৰ পৰা বিদ্যালয়ৰ পৰা শশ বৰ্মনৰ ঘৰ হৈ চাফাকামাৰ বংশীবাৰী পথ সংযােগী পথৰ পকী কৰণ, গােৱর্ধনা হাইস্কুলৰ পৰা বিদ্যালয়ৰ পৰা শশ বৰ্মনৰ ঘৰ হৈ চাফাকামাৰ বংশীবাৰী পথ সংযােগী পথৰ পকী কৰণ, কটকাৰপথাৰৰ পৰা কাহিমা পথাৰলৈ যােৱা পথৰ উন্নীতকৰণ, জাহৰ আলী ঘৰৰ পৰা বাৰে গাওঁৰসত্যবর্মন ঘৰ সংযােগী পথৰ পকীকৰণ, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ PEG GODOWN সংযােগী দুইলেন যুক্ত পথৰ উন্নীতকৰণ, উত্তৰবুঢ়ী খামাৰ গাওঁৰ পৰা দতৰা উজিৰ পাৰা আৰু চুফাৰীগুৰী আদর্শ প্রাথমিক বিদ্যালয় হৈ ৯২৩ নং দামুগাওঁ প্রাথমিক বিদ্যালয় হৈ পথ পকীকৰণ,শুকানজানি গড়কাপ্তানী পথৰ পৰা গণেশ মন্দিৰলৈ যােৱা পথৰ পকীকৰণ,কামাৰগাওঁমধ্যইংৰাজী বিদ্যালয়ৰ পৰা গােলাপাৰা উত্তৰবুঢ়ীখামাৰ পথৰ পকীকৰণ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here