বৰপেটাৰোডত স্বামী বিবেকানন্দৰ ব্ৰঞ্জৰ পুৰ্ণাবয়ব প্ৰতিমুৰ্তিৰ আবৰণ উন্মোচনী সভা

    0
    80

    বৰপেটাৰোডত স্বামী বিবেকানন্দৰ ব্ৰঞ্জৰ পুৰ্ণাবয়ব প্ৰতিমুৰ্তিৰ আবৰণ উন্মোচনী সভা
    উত্তৰ-পূব ভাৰতৰ শান্তি স্থাপন হৈছে একমাত্ৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত , তাৰ আগত অসমত গুলি বাৰুদ-হিংসাত্মক ঘটনা আদিৰে খবৰ কাকতত লিখা-মেলা প্ৰকাশ হৈছিল , কিন্তু এতিয়া উন্নতিৰ কথাহে বাতৰি কাকতত প্ৰকাশ হয়ঃ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং

    প্ৰতিবেদক মনজিৎ দাস হাউলী , ১৯ ফেব্ৰুৱাৰীঃ “আজি বৰপেটাৰোডৰ ফ্লাই অভাৰৰ সমাধানৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ অবদান উল্লেখযোগ্য। আজি অসম তথা উত্তৰ-পূব ভাৰতৰ শান্তি স্থাপন হৈছে একমাত্ৰ বি জে পি চৰকাৰ গঠন হোৱাৰ পিছত। তাৰ আগত অসমত গুলি বাৰুদ-হিংসাত্মক ঘটনা আদিৰে খবৰ কাকতত লিখা-মেলা প্ৰকাশ হৈছিল। কিন্তু এতিয়া উন্নতিৰ কথাহে বাতৰি কাকতত প্ৰকাশ হয়। এতিয়া অসম তথা ভাৰতত কেন্দ্ৰৰ পৰা অহা ফাণ্ডৰ টকাৰে অকল সেতূ নিৰ্মাণ ৰাস্তা-ঘাট আদিৰ কাম হৈছে।-এইদৰে আজি বৰপেটাৰোডত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰনজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত স্বামী বিবেকানন্দৰ ব্ৰঞ্জৰ পুৰ্ণাবয়ব প্ৰতিমুৰ্তিৰ আবৰণ উন্মোচনী সভাত “বিবেক” নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষন প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয়। আজি স্বামী বিবেকানন্দৰ ব্ৰঞ্জৰ পুৰ্ণাবয়ব প্ৰতিমুৰ্তিৰ আবৰণৰ দ্বাৰ মুকলি কৰি এই সন্দৰ্ভত অনুষ্ঠিত সভাত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে, সৰভোগ সমষ্টিৰ ৰাইজৰ ভাগ্ৰ্য ৰণজিৎ কূমাৰ দাসৰ দৰে দক্ষ বিধায়ক এজন পাইছে। আজি সৰভোগ সমষ্টিৰ ৰাইজে সকলো ফালে কেবল উন্নতি দেখা পাইছে। বৰপেটা ৰোড চহৰৰ মাজমজিয়াত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব পাই বহুত সুখী হৈছে বুলি তেওঁ মত পোষণ কৰে। আনকি অসমৰ চাৰিওফালে উন্নতিৰ ছবি পৰিলক্ষিত হৈছে বুলি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে অসমৰ ৰাইজক স্বামী বিবেকানন্দৰ ভাব দৰ্শনৰ সৈতে মিলি থাকিবলৈ আহ্বান জনাযই তেওঁ আৰু কয় যে, এই সকলো উন্নতিৰ মুলতে আছে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিংৰ অবদান। কাৰণ যেতিয়াৰ পৰা ডাঃ জিতেন্দ্ৰ সিঙে ড’নাৰ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহন কৰিছে সেই সময়ৰ পৰা উত্তৰ পুৱ ভাৰতৰ উন্নতি সাধন হৈছে। শেষত সৰভোগ সমষ্টিৰ ৰাইজক পূণৰ ৰনজিৎ কুমাৰ দাসক এই সমষ্টিৰ বিধায়ক হিচাপে লৈ চৰকাৰ গঠন কৰিবলৈ আসনখন উপহাৰ দিয়াৰ বাবে আহ্বান জনায। ইপিনে ৰাষ্ট্ৰীয় সয়ং সেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰ কৰ্মী বশিষ্ঠ বুজৰ বৰুৱাই উপস্থিত থাকি স্বামী বিবেকানন্দৰ ভাৱ দৰ্শনৰ ওপৰত বিশদ ভাষণ প্ৰদান কৰে। উল্লেখ্য যে,বৰপেটা জিলাৰ বানিজ্য নগৰী হিচাপে খ্যাত বৰপেটাৰোড চহৰৰ মাজমজিয়া তথা বৰপেটাৰোড পৌৰসভাৰ মোহনলাল চৌধুৰী স্মৃতি উদ্যানৰ মাজত ১৮ ফূঠ উচ্চতাৰ স্বামী বিবেকানন্দৰ ব্ৰজ্ঞৰ পুৰ্নাবয়ব প্ৰতিমূৰ্ত্তিৰ আবৰণ আজি উম্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। আজি স্বামী বিবেকানন্দৰ স্বদেশ প্ৰত্যাবৰ্তনৰ ১২৫ বৰ্ষ পূৰ্তি উপলক্ষে বৰপেটা ৰোড চহৰৰ মাজমজিয়াত সৰ্বমুঠ ৰাজ্য চৰকাৰে সৰ্বমুঠ ৬৫ লাখ টকা এই আচঁনিৰ নামত খৰছ কৰাৰ লগতে কলকাতাৰ মেদিনীপুৰৰ পৰা এই মুৰ্তি অনা হয়। আনকি স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাসৰ পঁজিৰ পৰা লাখ টকা প্ৰদান কৰে। যদিও সৰ্ব মুঠ ৬৫ লাখ টকা ব্যয় হব বুলি জানিব পৰা গৈছে। ইপিনে চৰকাৰৰ উপৰিও ৰাইজৰ দান বৰঙনি আদিৰে কাৰ্যালয়ৰ উপৰিও নানান ধৰনৰ সৌন্দৰ্য বৰ্ধক কাৰ্য্যৰ আঁচনি এই প্ৰতিমূৰ্তিৰ লগত ধৰা হৈছে। আজিৰ সভাত অসমৰ মুখ্যমন্ত্ৰী সবৰ্বানন্দ সনোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাস, বি টি আৰ ই এম গৌতম দাস আৰু বৰপেটা জিলা বি জে পিৰ সভাপতি শংকৰ দাস, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, বৰপেটা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা অাদিয়ে উপস্থিত থাকে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here