বৰপেটাৰ বহৰিত ডেৰ লক্ষাধিক টকা মুূল্যৰ ব্ৰাউনচুগাৰ সহ ড্ৰাগছ ব্যৱসায়ী আটক , তিনিদিনত দুজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক বৰপেটা আৰক্ষী

    0
    77

    বৰপেটাৰ বহৰিত ডেৰ লক্ষাধিক টকা মুূল্যৰ ব্ৰাউনচুগাৰ সহ ড্ৰাগছ ব্যৱসায়ী আটক , তিনিদিনত দুজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক বৰপেটা আৰক্ষী
    প্ৰতিবেদক , হাউলী , ১০ মাৰ্চঃ বৰপেটাত পুনৰ এজন ড্ৰাগছ ব্যৱসায়ী আটক ৷ বৰপেটাৰ হাঁহচৰা গাঁৱৰ দলংৰ সমীপৰ পৰা আটক ড্ৰাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ এই ড্ৰাগছ ব্যৱসায়ীটো বহৰিৰ গোমা ফুলবাৰী গাঁৱৰ নয়ন খান বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি নয়ন খানৰ পৰা ১২.৫০ গ্ৰাম পৰিমানৰ ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে ৷ এই ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা হব বুলি ধাৰণা কৰিছে আৰক্ষীয়ে ৷ এটা চাবোনৰ কেচত ভৰাই কোনো লোকক বিক্ৰীৰ বাবে লৈ যোৱা অৱস্থাত ড্ৰাগছ বিযৱসায়ীটোক আটক কৰাৰ লগতে জব্দ কৰে ব্ৰাউন চুগাৰৰ পেকেট ৷ উল্লেখ্য যে,যোৱা তিনিদিনৰ ভিতৰত দুজনকৈ ড্ৰাগছ ব্যৱসায়ীক বৰপেটাৰ আৰক্ষীয়ে আটক কৰিবলৈ সামৰ্থ হয় ৷ প্ৰণিধানযোগ্য যে,ইতিমধ্যে ড্ৰাগছৰ ঘাটিত পৰিণত হৈ পৰিছে বৰপেটা জিলা ৷ ডিমাপুৰৰ পৰা বৰপেটালৈ সৰবৰাহ হোৱা ড্ৰাগছ বৰপেটাৰ পৰা বিভিন্ন জিলালৈ সৰবৰাহ হয় বুলি জানিব পৰা গৈছে ৷ ইপিনে , ৫ মাৰ্চত গুৱাহাটীৰ গণেশগুৰিৰ এখন হোটেলত আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ ড্ৰাগছ মাফিয়া শ্বাহৰুখ আহমেদ নামৰ ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰিছিল ৷ আৰক্ষীয়ে বৰপেটাৰ বিভিন্ন স্থানৰ পৰা বিগত সময়ত কেবাজনো ড্ৰাগছ ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হৈছে যদিও ড্ৰাগছৰ মুল ঘাটি উৎখাত কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে সফল হোৱা নাই ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here