বৰপেটাৰ বৰবালাত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ চতুৰ্থলানি প্ৰশিক্ষণ শিবিৰ সম্পন্ন

    6
    73

    বৰপেটাৰ বৰবালাত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ চতুৰ্থলানি প্ৰশিক্ষণ শিবিৰ সম্পন্ন
    প্ৰতিবেদক হাউলী , ৪ মাৰ্চঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্যতম সক্ৰিয় বেচৰকাৰী সংস্থা অটা ভৌকামাৰী ছোচাইটী ডেভেলপমেন্ট এছোচিয়েচনৰ উদ্যোগত আয়োজিত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ প্ৰশিক্ষণ শিবিৰ চমুকৈ ‘নই ৰৌশনী’ৰ চতুৰ্থলানি প্ৰশিক্ষণ শিবিৰ অলপতে বৰবালা গাঁৱত সফলতাৰে সম্পন্ন হৈ যায় । ভাৰত চৰকাৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰানালয়ৰ অৰ্থ সাহায্যত আৰু অটা ভৌকামাৰী ছোচাইটীৰ উদ্যোগত আয়োজিত ‘নই ৰৌশনী’ বা সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ প্ৰশিক্ষণৰ চতুৰ্থ শিবিৰটোৰ দ্বাৰ মুকলি কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰে কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক তথা সংবাদকৰ্মী ছাহেদ আলী আহমেদে । ছোচাইটিৰ সমন্বয়ক আয়নাল হকে আঁত ধৰা প্ৰশিক্ষণ শিবিৰটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সঞ্চালক লালমামুদ আলী আহমেদে আৰু পৰিচালনা কৰে সম্পাদক আব্দুল ৰেজ্জাক আলীয়ে। পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰবালা গাঁৱৰ ২৫ গৰাকী মহিলাৰ প্ৰশিক্ষণ শিবিৰটোৰ সঞ্চালনা কৰে ছোচাইটীৰ সভাপতি হাছেন আলীয়ে । ছয় দিনীয়া প্ৰশিক্ষণ শিবিৰটোত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে অধ্যাপক হান্নান আলী আহমেদ,স্বপ্না মহিলা সমিতিৰ সচিব মমতাজ জাহান তালুকদাৰ,ছোটাইটিৰ সঞ্চালক লাল মামুদ আহমেদ,সমন্বয়ক আয়নাল হক,মহিলা নেত্ৰী নিৰুপা ইয়াছমিনে অাৰু কহিনুৰ খাতুনে।

    6 COMMENTS

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here