বৰপেটাৰ বৰ আগদিয়া গাঁৱত জুৱাৰ আড্ডাঃ এজনক আটক আৰক্ষীৰ

0
120

বৰপেটাৰ বৰ আগদিয়া গাঁৱত জুৱাৰ আড্ডাঃ এজনক আটক আৰক্ষীৰ দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , হাউলী , মনজিৎ দাস , ২১ জানুৱাৰীঃ বৰপেটা জিলাৰ বৰ আগদিয়া গাঁৱত আৰক্ষীয়ে অভিযান চলাই এটা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰ আগদিয়া গাঁৱৰ বাবু ক্লাৱ এণ্ড লাইব্ৰেৰীৰ বাৰ্ষিক অধিবেশন উপলক্ষে যোৱা নিশা অধিবেশনস্থলীৰ সমীপত জুৱাৰ আড্ডা বহা বুলি জানিব পৰা গৈছে ৷ উক্ত গাঁওখনত মুকলিকৈ জুৱা খেল চলাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলায় যদিও জুৱাৰীসকল পলাই যাবলৈ সক্ষম হয় ৷ অৱশ্যে বৰপেটা সদৰ আৰক্ষীয়ে চুলতান আলী নামৰ এটা জুৱাৰীক ডায়াচসহ আটক কৰিবলৈ সক্ষম হয় ৷ এই জুৱাৰীটোক আজি আদালতত হাজিৰ কৰাত আদালতে জুৱাৰীটোক জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here