বৰপেটাৰ সৰভোগৰ ব্ৰজ সদনত গৰিয়া উন্নয়ন পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ হাফিজুল আহমেদক সম্বৰ্ধনা

    0
    41

    বৰপেটাৰ সৰভোগৰ ব্ৰজ সদনত গৰিয়া উন্নয়ন পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ হাফিজুল আহমেদক সম্বৰ্ধনা
    প্ৰতিবেদক হাউলী , ৩ মাৰ্চঃ আজি বৰপেটা জিলাৰ ঐতিহাসিক বৰনগৰৰ সৰভোগৰ ব্ৰজ সদনত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত এখনি বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে , এই সভাৰ জৰিয়তে জানিবলৈ পোৱা গৈছে যে-অসমৰ জাতীয় স্বাৰ্থত অসমীয়া জাতিক শক্তিশালী কৰাৰ বাবে-অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ গৰিয়া মৰিয়া দেশী সকলক সংগঠিত কৰি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ২০০৬ চনৰ পৰাই উল্লেখযোগ্য গণতান্ত্ৰিক সংগ্ৰামৰ সূচনা কৰি আহিছে ,অসমৰ খিলঞ্জীয়া ৰাইজক সংগ্ৰামক সাম্প্ৰতিক সময়ত এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে,এই সংগ্ৰাম অবিৰতভাৱে আগবঢ়াই নি অসমৰ জাতি-ধৰ্ম ভাষা নিৰ্বিশেষে সকলো খিলঞ্জীয়াকে ঐক্যবদ্ধ কৰি নিজ অধিকাৰৰ প্ৰাপ্তিয়েই আছলতে সংগঠনটোৰ সংগ্ৰামৰ মূল লক্ষ্য আৰু উদ্দেশ্য,সময়ে সময়েই ৰাইজৰ সহায় সহযোগিতাই সংগ্ৰামক আগবঢ়াই নিয়া হৈছে , সৰ্বদিশৰ সুৰক্ষাৰ স্বাৰ্থত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ সংগঠনটোয়ে-২০০৬ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা লাভ কৰা সংগঠনটোয়ে ১৫ টাকৈ সংগ্ৰামী বছৰ সফলতাৰে অতিক্ৰম কৰি ১৬ বছৰত প্ৰদাৰ্পন কৰিছে,২০ ফেব্ৰুৱাৰী তাৰিখে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদক অসম চৰকাৰৰ গৰিয়া উন্নয়ন পৰিষদৰ প্ৰথম অধ্যক্ষ হিচাপে নিযুক্তি দিছে৷ আজি পুৱা গৰিয়া উন্নয়ন পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ হাফিজুল আহমেদক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰে,পুৱা ৯ বাজি ৩০ মিনিটত অভ্যৰ্থনা সমিতিৰ সভাপতিয়ে সংগঠনটোৰ পতাকা উত্তোলন কৰে,১১ বজাত নজিৰুল হ’ক চৌধুৰীৰ সভাপতিত্বত সম্বৰ্ধনা সভা আৰম্ভ হ’য়,অভ্যৰ্থনা সমিতিৰ সম্পাদক তথা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ছহিজুল আলীয়ে(চলমান) কয় যে-ঐতিহাসিক বৰনগৰৰ সৰভোগ গান্ধী ভৱনত ২০০৬ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ নামৰ এক জনগোষ্ঠীয় সংগঠনৰ জন্মগ্ৰহণ কৰিছিল,সংগঠনটো জন্মগ্ৰহণ কৰাৰ আগতে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকল অসমৰ বিভিন্ন ঠাইত সিচৰিত হৈ আছিল,এটা সংগঠন আৰু নেতৃত্বৰ অভাৱত প্ৰতিদিনে বিভিন্ন অসুবিধাৰ লগতে মানসিক অশান্তিত ভুগিবলগীয়া হৈছিল,২০০৬ চনত সৰভোগ জন্মগ্ৰহণ কৰা-সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ নামৰ সংগঠনটো ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈ শিপা মেলিবলৈ সক্ষম হৈছে,এই সংগঠনৰ তীব্ৰ হেচাত আৰু প্ৰতিবাদত,বৰ্তমানৰ অসম চৰকাৰখনে গৰিয়া সকলৰ একমাত্ৰ উন্নয়নৰ স্বাৰ্থত গৰিয়া উন্নয়ন পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ডেকাৰবড়ী গাঁৱৰ সু-সন্তান হাফিজুল আহমেদক নিযুক্তি প্ৰদান কৰিছে,এই আনন্দত আনন্দিত হৈ,আমি সংগঠনটোৰ বৰপেটা আৰু বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু বৰনগৰ আঞ্চলিক সমিতিৰ বিশেষ সহযোগত এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰিছোঁ,এই সভাৰ জৰিয়তে গৰিয়া উন্নয়ন পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ হাফিজুল আহমেদ,গৰিয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ মুস্তাক উদ্দিন আহমেদৰ লগতে সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ লগতে কেন্দ্ৰীয় সমিতিকো সম্বৰ্ধনা জনোৱা হয় ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here