বৰপেটাৰ হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

0
88

বৰপেটাৰ হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী সমদল
দুৰ্নীতিৰ দৰ্পণ সেৱা ,বৰপেটা,৩০ জানুৱাৰীঃ সম্প্ৰতি পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটা জিলাৰ অন্তৰ্গত হাউলী চহৰত আজি এক প্ৰতিবাদী সমদল উলিয়ায় যুৱ কংগ্ৰেছে ৷ উল্লেখ্য যে,অচ্ছে দিনৰ সপোন দেখুৱাই ৰাইজক মাধমাৰ শোধোৱা কেন্দ্ৰ আৰু ৰাজ্যত শাসনত বহা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই উত্তাল কৰি তোলে হাউলী চহৰ ৷ বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত কেবাশতাধিক যুৱ কংগ্ৰেছীৰ অংশগ্ৰহণ কৰে ৷ পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে বিভিন্ন দল সংগঠনৰ সহযোগত বাৰম্বাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে বুলি অভিযোগ তোলে ৷ ইপিনে , আন্তৰাষ্ট্ৰীয় বজাৰৰ তুলনাত ভাৰতত দুগুন দৰত পেট্ৰ’ল ডিজেল মূল্য নিৰ্ধাৰণ কৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ এই যুৱ কংগ্ৰেছৰ ৷ যুৱ কংগ্ৰেছে আৰু কয় যে , লক ডাউনৰ ফলত যিসময়ত মানুহে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে,নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লৈছে,সেইসময়ত চৰকাৰে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰে ৰাইজক জুৰুলা কৰা হৈছে ৷ আনহাতে , বিজেপিৰ মিছন ১০০ প্লাছক সামগ্ৰীৰ মূল্য ১০০ প্লাছ বুলি অভিহিত কৰে যুৱ কংগ্ৰেছে।বিজেপি চৰকাৰে জনবিৰোধী আইন প্ৰণয়নৰ বাদে আন কোনো কাৰ্য কৰা নাই বুলি অভিহিত কৰি ৰাজ্যৰ শাসনত অধিষ্ঠিত জনবিৰোধী বিজেপি চৰকাৰখনক ওফৰাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় যুৱ কংগ্ৰেছৰ নেতৃবৃন্দই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here