বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াৰ অভিষেক অনুষ্ঠান গৌতম পাঠক বাপক শত-সহস্ৰাধিক ভকত-বৈষ্ণৱৰ বিপুল আদৰণি

0
78

বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াৰ অভিষেক অনুষ্ঠান
গৌতম পাঠক বাপক শত-সহস্ৰাধিক ভকত-বৈষ্ণৱৰ বিপুল আদৰণি

প্ৰতিবেদক মনজিৎ দাস হাউলী , ১৬ ফেব্ৰুৱাৰীঃ মঙলবাৰে এক অভিষেক অনুষ্ঠানৰ জৰিয়তে গৌতম পাঠকক বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াৰ আসনত অধিষ্ঠিত কৰোৱা হয় ৷ নতুনকৈ ডেকা সত্ৰীয়াৰ আসনত অধিষ্ঠিত হোৱা গৌতম পাঠক বৰপেটা সত্ৰৰ ষষ্ঠদশ গৰাকী ডেকা সত্ৰীয়া ৷ অভিষেক অনুষ্ঠানৰ অংশস্বৰূপে নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াগৰাকীক মঙলবাৰে বিয়লি গায়ন-বায়ন সহিতে ভকত-বৈষ্ণৱ, আই-মাতৃসকলৰ দ্বাৰা পাঠক হাটীস্থিত নিজ বাসগৃহৰ পৰা দলা হাটী,পালাংদি হাটী,বৃন্দাৱন হাটী,গলিয়া হাটী, ন হাটী হৈ শোভাযাত্ৰা কৰি বৰপেটা সত্ৰলৈ আদৰি অনা হয় ৷ সত্ৰত প্ৰৱেশ কৰিয়েই বুঢ়া সত্ৰীয়া প্ৰমূখ্যে সমূহ ভকতৰ উপস্থিতিত মঠৰ চোতালত আঁঠু লয় নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াগৰাকীয়ে ৷ ইয়াৰ পাছত তেখেতক উত্তৰ দুৱাৰেৰে মূল কীৰ্তন ঘৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হয় ৷ কীৰ্তন ঘৰৰ গুৰু আসনৰ সন্মুখত সেৱা লৈ ডেকা সত্ৰীয়াৰ আসনত বহাৰ পাছতেই সত্ৰৰ ঘাই দেউৰী নাৰায়ণ আতৈ বুঢ়া ভকতে তেখেতক তামোল-পাণ আৰু অংগ বস্ত্ৰ অৰ্পণ কৰি সেৱা জনায় ৷ কীৰ্তন ঘৰৰ ভিতৰৰ পৰা প্ৰস্থান কৰি সত্ৰৰ মঠৰ চোতালত থকা ডেকা সত্ৰীয়াৰ আসন বহে নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াগৰাকী ৷ পৰৱৰ্তী সময়ত নতুন ডেকা সত্ৰীয়া হিচাপে তেওঁ কেৱলীয়া ভকতৰ দক্ষিণ আৰু উত্তৰ দিশৰ কৰাপাট, মথুৰা দাস বুঢ়া আতা আৰু বদলা আতাৰ ভিঠি, মাধৱদেৱ আৰু শংকৰদেৱ শাস্ত্ৰ অধ্যায়ানাগাৰ , আইসকলৰ প্ৰসংগ থলী আদিত সেৱা জনায় ৷ সত্ৰ চৌহদৰ পৰা গায়ন-বায়নৰ খোল-তালৰ শব্দ আৰু ভকত-বৈষ্ণৱৰ হৰিনাম ধ্বনিৰে নতুন ডেকা সত্ৰীয়াগৰাকীক বৰপেটাৰ তিনি থূল হাটী ক্ৰমে দক্ষিণ হাটী, নহাটী আৰু উত্তৰ হাটীৰ বাটচ’ৰালৈ আদৰি নিয়া হয় ৷ তিনিওটা বাটচ’ৰাত ভক্তিপ্ৰাণ ৰাইজৰ হৈ ভড়ালী আৰু মজুমদাৰৰ পৰা তামোল-পাণ,অংগ বস্ত্ৰসহ আজ্ঞা গ্ৰহণৰ আনুষ্ঠানিকতা সম্পন্ন কৰে নতুন ডেকা সত্ৰীয়াগৰাকীয়ে ৷ উল্লেখ্য যে , পূৰ্বৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকৰ দেহাৱসানৰ পাছত বৰপেটা সত্ৰৰ নতুন ডেকা সত্ৰীয়া নিৰ্বাচনৰ বাবে যোৱা ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হয় ৷ নিৰ্বাচনী ফলাফল অনুসৰি সৰ্বাধিক ভোট লাভেৰে গৌতম পাঠক বৰপেটা সত্ৰৰ নতুন ডেকা সত্ৰীয়া হিচাপে নিৰ্বাচিত হয় ৷ উল্লেখ্য যে পিতৃ প্ৰয়াত গোপাল পাঠকৰ পদাংক অনুসৰণ কৰি কৈশোৰ কালৰে পৰা বৰপেটা সত্ৰৰ নাম-প্ৰসংগত অংশ লৈ অহা গৌতম পাঠকে ডেকা সত্ৰীয়া নিৰ্বাচিত হোৱাৰ পূৰ্বে সত্ৰৰ মুখ্য পাঠক হিচাপে সেৱা আগবঢ়াই আহিছিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here