ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰপেটা জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন , জয়ন্ত হাজৰিকাৰ গীতৰ অনলাইন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ

0
1147

ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰপেটা জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন , জয়ন্ত হাজৰিকাৰ গীতৰ অনলাইন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা, ১৫ অক্টোবৰ: ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰপেটা জিলাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি বৰপেটা ৰোড সাহিত্য সভা ভৱনত সম্পন্ন হয় ৷ কাৰ্যনিৰ্বাহক সভাখন ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলাৰ সভাপতি দুলাল দাসৰ সভাপতিত্বত  অনুষ্ঠিত হয় । ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সভাপতি শংকৰ চন্দ্ৰ দাসে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মিডিয়া পেনেলিষ্ট তথা অৰ্থনৈতিক কোষৰ ৰাজ্যিক আহ্বায়ক দেৱজিৎ মহন্তই আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম সম্পৰ্কে ভাষন আগবঢ়ায় ৷ সভাখনত অসম বিত্তীয় নিগমৰ উপাধ্যাক্ষ অনিল কুমাৰ দাসে ভাৰত চৰকাৰৰ আঁচনিবোৰ আৰু অসম চৰকাৰৰ আঁচনিবোৰৰ  সম্পৰ্কে ভাষণ আগবঢ়ায় আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক প্ৰশিক্ষণ প্ৰমূখ ব্ৰজকুমাৰ দাসে কাৰ্যপদ্ধতি, সংগঠন আৰু সংৰচনা সম্পৰ্কে ভাষন আগবঢ়ায় ৷  সভাখনত ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সাধাৰণ সম্পাদক নৱকুমাৰ দাস, বিজেপিৰ জিলা সম্পাদক বিশ্বজিৎ দাস, বৰপেটা জিলা প্ৰভাৰী মুকুট কলিতা, সাংস্কৃতিক তত্ত্বাৱধায়িকা আশা বৰদলৈ আদিয়েও ভাষণ প্ৰদান কৰে ৷ সভাখন আঁত ধৰে যুৱ মৰ্চাৰ  জিলা সাধাৰণ সম্পাদক পংকজ দাসে ৷ উল্লেখ্য যে, ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত জয়ন্ত হাজৰিকাৰ গীতৰ অনলাইন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগী সকলক এই সভাতে পুৰস্কাৰ বিতৰণ কৰে ৷