ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত সৃষ্টিশীল সাহিত্যৰ বিশেষ কৰ্মশালা

    0
    70

    ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত সৃষ্টিশীল সাহিত্যৰ বিশেষ কৰ্মশালা
    দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী,১৬ ফেব্ৰুৱাৰীঃ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ,ভাষা -সাহিত্য চ’ৰা অসমীয়া বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত ১৫ফ্ৰেব্ৰুৱাৰী তাৰিখে সৃষ্টিশীল সাহিত্য বিষয়ক বিশেষ বক্তৃতা অনুষ্ঠান আৰু কৰ্মশালা অনুষ্ঠিত কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা কৰি কয় যে যাৰ দৃষ্টি আছে তেওঁহে সৃষ্টি কৰিব পাৰে । অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক নুৰ হুছেইনে । সৃষ্টিশীল সাহিত্যৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়াই অনুষ্ঠানৰ সমল ব্যক্তি নৱ প্ৰজন্মৰ যুৱ সাহিত্যিক মাজুলীৰ শংকুসিদ্ধ নাথে । বক্তব্যত সৃষ্টিশীল সাহিত্য সৃষ্টিৰ অন্তৰালৰ কথাবোৰ সৰল ভাবেৰে ব্যাখ্যা আগবঢ়াই । অনুষ্ঠানত ছাত্ৰ -ছাত্ৰীবৃন্দৰ ৰচিত কবিতা ,গল্প পাঠ কৰাই তাৰ দোষ -ত্ৰুটি বিচাৰ কৰি সৃষ্টিৰ প্ৰকৃত দিশবোৰ আঙুলিয়াই দিয়ে সমল ব্যক্তি শংকুসিদ্ধ নাথে । অনুষ্ঠানত ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলি আহমেদে বক্তব্য আগবঢ়াই । অনুষ্ঠানত মহাবিদ্যালয় অধ্যাপক ড.কৰুণাকান্ত দাস ,বেবী বৰা ড.অলকা শৰ্মা ,ড.পলী বেজবৰুৱা ,ছাইফুল হাচান প্ৰমুখ্যে শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । অনুষ্ঠানটোত মাজুলীৰ পৰা অহা প্ৰতিভাবান সমল ব্যক্তিগৰাকীৰ বিশেষ কৃতিত্বৰ বাবে সম্বৰ্ধনা জনাই মহাবিদ্যালয়ৰ তৰফৰ পৰা ড.উপেন্দ্ৰজিত শৰ্মাই আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে । অনুষ্ঠানৰ শেষত সমবেত ভাবে জাতীয় সংগীত পৰিবেশন কৰা হয়।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here