মনোনয়ন দাখিলৰ সময়ত ৰূপক শৰ্মাক সংগ দিলে পীয়ূষ হাজৰিকা আৰু ৰাজেন গোঁহায়ে , “ৰাইজে আমাক আৰ্শীবাদ দিব”: ৰূপক শৰ্মা

    0
    82


    মনোনয়ন দাখিলৰ সময়ত ৰূপক শৰ্মাক সংগ দিলে পীয়ূষ হাজৰিকা আৰু ৰাজেন গোঁহায়ে , “ৰাইজে আমাক আৰ্শীবাদ দিব”: ৰূপক শৰ্মা

    ৱাহিদুদ জামান , নগাঁও , ১০ মাৰ্চ : দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’ব লগীয়া নগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টি ক্ৰমে নগাঁও সদৰ, বঢ়মপুৰ আৰু ৰহা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। আজি নগাঁও সদৰ সমষ্টিৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী জিতু গোস্বামী আৰু ৰহা সমষ্টিৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিষ্ণু দাসে ভিন্ন সময়ত দলীয় নেতা- কৰ্মী সমৰ্থকৰ উৎসাহ – উদ্দীপনাৰ মাজত ৰিটাৰ্নিং বিষয়াৰ হাতত নিজা নিজা মনোনয়ন পত্ৰ দাখিল কৰে। আজি পুৱা ভাগত বঢ়মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে কেইবা সহস্ৰাধিক দলীয় নেতা-কৰ্মী সমৰ্থকৰ লগতে অগপ কৰ্মী সকলক লগত লৈ উদূলি- মূদুলি পৰিৱেশৰ মাজেৰে সমদল কৰি আহি ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিভিন্ন সাংস্কৃতিক দলৰ নৃত্য- গীত, গায়ন-বায়ন আয়তীৰ উৰুলিৰ মাজেৰে আহি মনোনয়ন পত্ৰ দাখিল কৰা জিতু গোস্বামীক সংগ দিয়ে ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, নগাঁও জিলা বিজেপি সভাপতি অভিজিত নাথ, অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ অগপ নেতা নিৰঞ্জন বৰাই। জিতু গোস্বামীয়ে মনোনয়ন পত্ৰ দাখিল কৰি সাংবাদিকৰ আগত কয়,”বঢ়মপুৰত মই অভিলেখ সৃষ্টি কৰিম ।” ইপিনে , আজি বিয়লি নগাঁও সদৰ সমষ্টিৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাই এক বিশাল ৰেলীৰে পদযাত্ৰা কৰি নিজা শক্তি প্ৰদৰ্শন কৰি আহি ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। গায়ন-বায়ন বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত, বিহু নৃত্য আদিৰে পৰিবেষ্টিত হৈ এক উদূলি-মূদূলি পৰিৱেশত প্ৰাৰ্থী ৰূপক শৰ্মাৰ হেজাৰ হেজাৰ সমৰ্থকে বিজেপি জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ,হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ , ৰূপক শৰ্মা জিন্দাবাদ আদি ধ্বণিৰে চহৰ খনৰ ৰাজপথ উত্তাল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰলৈকে সমদল কৰি লৈ আহে।ৰূপক শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহোতে তেওঁক সংগ দিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ প্ৰমুখ্যে নেতা সকলে। বঢ়মপুৰত বিজেপিৰ প্ৰাৰ্থীত্ব নোপোৱাত ক্ষোব্ধ হোৱা প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৰূপক শৰ্মাক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়াতো তাৎপৰ্যপূৰ্ণ বিষয়।তাৰোপৰি ৰূপক শৰ্মাই গোঁহাইৰ চৰণ চুই আৰ্শীবাদ লয় । মনোনয়ন পত্ৰ দাখিল কৰি নগাঁও সদৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়,”এইবাৰ নগাঁও সদৰ সমষ্টিত বিজেপি প্ৰাৰ্থী অভিলেখ সংখ্যক ভোটত জয় লাভ কৰিব । নগাঁও সদৰ সমষ্টিৰ ৰাইজে ইতিমধ্যে বিজেপিক আকোঁৱালি লৈছে । এই পাঁচটা বছৰত আমি নগাঁৱত কৰা উন্নয়নমূলক কাম-কাজ ৰাইজে প্ৰত্যক্ষ কৰিছে । সেয়ে নিশ্চিয় ৰাইজে আমাক আৰ্শীবাদ দিব । আনহাতে,তেওঁ আৰু কয়,”মনোনয়ন পত্ৰ দাখিলৰ বাবে কৰা এই যাত্ৰাত আজি নগাঁৱৰ হেজাৰ হেজাৰ ৰাইজ স্বতঃস্ফূত ভাৱে ওলাই অহাত মই যথেষ্ট উৎফুল্লিত হৈছো । “সমষ্টিটোত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলিও উল্লেখ কৰি তেওঁ কয়,”এইবাৰ ৰাইজে মোক একপক্ষীয় ভাৱে ভোট দিব । “ইপিনে ৰহা সমষ্টিৰ অগপ প্ৰাৰ্থী বিষ্ণু দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত কয়,”এইবাৰ ৰহাত অগপ দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব , সেয়া ১০০ শতাংশ নিশ্চিত ।” আজি মনোনয়ন দাখিল কৰা আন প্ৰাৰ্থী সকল হ’ল- নগাঁও সদৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ইকৱাল হুছেইন,ৰহা সমষ্টিত ৰাইজৰ দলৰ ৰুবুল দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী চিত্ৰলেখা দাস ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here