মন্ত্ৰী হিমন্ত বিশ্বৰ ওপৰত মন্তব্য দিয়াৰ জ্ঞান হোৱা নাই কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ , তেওঁৰ নিজা বুলিবলৈ একো নাইঃ সাংসদ পল্লৱ লোচন দাস
দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ১ ফেব্ৰুৱাৰীঃ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে নিৰ্বাচনি বতাহ ক্ৰমাৎ গৰম কৰিছে ৰাজনৈতিক নেতাৰ মুখৰ মুখচুপতিয়ে ৷ হেশতিয়াকৈ কংগ্ৰেছ সাংসদ যুৱনেতা গৌৰৱ গগৈ আৰু ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ চলি থকাৰ মাজতে বাকযুদ্ধত এইবাৰ জঁপিয়াই পৰিল হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ ওপৰত এইবাৰ কটাক্ষ সাংসদ পল্লৱ লোচন দাসৰ ৷ গৌৰৱ গগৈক সমালোচনা কৰি ঢেকীয়াজুলিত পল্লৱ লোচন দাসে কয় ,‘ড০ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত গৌৰৱ গগৈয়ে সিমান খিনি কোৱাৰ এতিয়াও যোগ্যতা হোৱা নাই ৷ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মন্তব্য দিয়াৰ জ্ঞান তেওঁৰ এতিয়াও হোৱা নাই ৷ তেওঁৰ এতিয়াও শিকিবলৈ বাকী আছে ৷ কেবল তৰুণ গগৈৰ পুত্ৰ হোৱাৰ বাবে হৈছে সাংসদ ৷ বেলেগ তেওঁৰ একো যোগ্যতা নাই ৷ তৰুণ গগৈৰ C/O কাটি দিলে গৌৰৱ গগৈৰ একো নাথাকিব ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ C/Oৰ নামত পৰিচত গৌৰৱ গগৈ ৷ নিজা বুলিবলৈ একো নাই তেওঁৰ ৷ উল্লেখ্য যে , দুদিন পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্বৰ ৰাজনৈতিক অভিজ্ঞতা সন্দৰ্ভত কৈছিল- বিজেপি শাসনত নাথাকিলে হিমন্তই বিজেপিত থাকিব নে নাই , সেইটো প্ৰশ্নৰ উত্তৰ হিমন্তই নিদিলে ৷ হিমন্তৰ দল ত্যাগৰ ৰাজনৈতিক অভিজ্ঞতা তেওঁক নালাগে ৷ এই প্ৰসংগত সাংসদ পল্লৱ লোচন দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কয়-‘আমাৰ দৰে যুঁজি যদি গৌৰৱ গগৈ আহিলে হয় , তেওঁ কৰবাত থাকিলে হয় ৷ গৌৰৱ গগৈক লৈ BJP চিন্তিত নহয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here