মহাজোঁটবন্ধনে আওল লগাইছে যমুনামুখ সমষ্টিত , ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ নেতা-কৰ্মীসকল

    0
    54


    মহাজোঁটবন্ধনে আওল লগাইছে যমুনামুখ সমষ্টিত , ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ নেতা-কৰ্মীসকল
    দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান , ০৪ মাৰ্চঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে ৷ এইক্ষেত্ৰত পিছ পৰি থকা নাই হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ৰাজনৈতিক দলৰ নেতা কৰ্মীসকল ৷ কংগ্ৰেছ এ আই ইউ ডি এফৰ মহাজোঁটবন্ধনে চেঁচাপানী ঢালিছে বিধায়কৰ সপোন দেখা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত । কংগ্ৰেছৰ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু নেতা–কৰ্মীয়ে আজি এক সভা আয়োজন কৰে ৷ ইতিমধ্যে সংখ্যালঘু প্ৰধান সমষ্টিটো এ আই ইউ ডি এফক কংগ্ৰেছে এৰি দিয়াটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। AIUDF–য়েও ছিৰাজুদ্দিন আজমলক মহাজোঁটৰ প্ৰাৰ্থিত্ব দিয়াৰ ঘোষণা কৰিছে ৷ ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে যমুনামুখৰ কংগ্ৰেছ কৰ্মী সকল ৷ বৃহস্পতিবাৰে ডবকাৰ ৰাজীৱ ভৱনত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ উদ্যোগত এখন বিশাল কৰ্মীসভা অনুস্থিত কৰে ৷ যিহেতু যমুনামুখ সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব পোৱাৰ এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে , ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগতে স্থানীয় নেতাসকলো ৷ সভাত তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে সমষ্টিটো এ আই ডি এফক এৰি দিয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ বিগত ১৫ বছৰ কাল ধৰি এ আই ইউ ডি এফৰ বিধায়ক থকাৰ পিছতো কোনো ধৰণৰ উন্নয়নমূলক কাম–কাজ নোহোৱাৰ অভিযোগ কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ তাৰোপৰি আজমল পৰিয়ালৰ বিধায়ক হোৱা হেতুকে বছৰটোৰ বেছিভাগ সময় সমষ্টিত থকাৰ পৰিৱৰ্তে ডুবাইতহে থাকে ৷ সেয়েহে এইবাৰ এ আই ইউ ডি এফৰ প্ৰতি মোহভংগ হৈছে সমষ্টিবাসী ৰাইজ ৷ এ আই ইউ ডি এফৰ প্ৰাৰ্থী যদি দিয়া হয় , তেনেহ’লে পৰাজয় এক প্ৰকাৰৰ নিশ্চিত বুলি দাবী কৰিছে কংগ্ৰেছ কৰ্মীসকলে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here