মাজুলীত ছয় গৰাকী শিক্ষকৰ বিদায় সম্বৰ্ধনা সম্পন্ন , প্ৰাচীৰ পত্ৰিকা অংকুৰণ উন্মোচন

0
127

মাজুলীত ছয় গৰাকী শিক্ষকৰ বিদায় সম্বৰ্ধনা সম্পন্ন , প্ৰাচীৰ পত্ৰিকা অংকুৰণ উন্মোচন
দুৰ্নীতিৰ দৰ্পণ সেৱা ,কল্পজি শইকীয়া ,মাজুলী,৬ ফেব্ৰুৱাৰীঃ মাজুলীৰ মৃৎশিল্পৰে খ্যাত শালমৰা অঞ্চলৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছয় গৰাকী শিক্ষক , কৰ্মচাৰিক বিদায় জনোৱাৰ উদ্দেশ্যে এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা বৃক্ষ ৰোপন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক কান্তেশ্বৰ দাসে। পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক ভূপেন ভূঞাই। অংকুৰণ নামৰ প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰে মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই। দুপৰীয়া ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভা খন উদ্বোধন কৰে মাজুলী জিলা কুমাৰ সন্মিলনীৰ সম্পাদক ডিম্বেশ্বৰ কলিতাই। অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ছাত্ৰী সকলে সমবেত গীত পৰিবেশন কৰাৰ পাছতেই নির্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কমল তামূলীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বনগাঁও শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সূৰ্য কুমাৰ ভূঞা,অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক যোগধৰ শইকীয়া,গুণীন্দ্ৰ নাথ বৰা,সমাজ কৰ্মী ক্ষেত্ৰধৰ হাজৰিকা,গাওঁবুঢ়া অকণমান শইকীয়া,জীৱেশ্বৰ হাজৰিকা,বনগাঁও আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী ৰূবি শইকীয়া। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক লোহিত শইকীয়াই আঁত ধৰা সভাখনিত অৱসৰ গ্ৰহণ কৰা শিক্ষক হৰেন্দ্ৰ নাথ বৰা,বদন চন্দ্ৰ নেওগ,কেশৱ তামুলী,দেৱকান্ত দত্ত,দিলীপ শইকীয়া আৰু কাৰ্যালয় সহায়ক মোহন চন্দ্ৰ বৰাক বিদ্যালয় খনৰ শিক্ষক গোট,মাতৃ গোট,ছাত্ৰ একতা সভাৰ লগতে ব্যক্তিগতভাৱে বহু জনে গামোচা,সম্বৰ্ধনা পত্ৰ,শৰাই,কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অৱসৰ গ্ৰহণ কৰা শিক্ষক সকলেও কৰ্মৰত সময়ৰ অতীত সুঁৱৰি আবেগিক হৈ পৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here