মাজুলীৰ যাতায়ত ব্যৱস্থাত যুগান্তকাৰী পদক্ষেপ , বায়ু পথেৰে সংযোজিত হ’ল বহিঃ জগতৰে মাজুলী , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে হেলিপৰ্ট 

    0
    60

    মাজুলীৰ যাতায়ত ব্যৱস্থাত যুগান্তকাৰী পদক্ষেপ , বায়ু পথেৰে সংযোজিত হ’ল বহিঃ জগতৰে মাজুলী , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে হেলিপৰ্ট
    দুৰ্নীতিৰ দৰ্পণ সেৱা , কল্পজিৎ শইকীয়া , মাজুলী , ৪ ফেব্ৰুৱাৰীঃ বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলীৰ ইতিহাসত আজিৰ দিনতো এক যুগান্তকাৰী আৰু প্ৰগতি কামি দিন হিচাপে পৰিগনিত হয় ।  অনুন্তত যাতায়ত ব্যৱস্থাৰ দূৰ্গম ,  বিশ্বৰ বৃহত্তম নদী দ্বীপ  মাজুলীক  বায়ু পথেৰে সংযোজিত হ’ল আজি দিনটোত ।  মাজুলীক বহিঃ জগতৰে কম সময়ৰ ভিতৰত যোগাযোগৰ  ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবেই মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্নয়নৰ এক উজ্জল প্ৰমাণ দাঙি ধৰি আজি পুৱা ১০ -৩০ বজাত মাজুলী জিলা সদৰ গৰমুৰৰ নতি দূৰৈত অৱস্থিত বৰবাৰীত উদ্ধোধন কৰিলে অসমৰ প্ৰথম খন হেলিপৰ্ট । ইয়াৰ সামান্তৰাল ভাৱে মূখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে হেলিপৰ্টৰ অতিথি গৃহ । হেলিপৰ্ট উদ্ধোধন কৰি মূখ্যমন্ত্ৰী সোণোৱালে  সাংবাদিকৰ আগত কয়, চৰকাৰে লোৱা আচঁনী সমূহ সদব্যৱহাৰ কৰি মাজুলী বাসীৰ সক্ৰিয় সহযোগিতাৰে আজি অসমৰ প্ৰথমটো হেলিপৰ্ট  নিৰ্মাণ  কৰি আজি উদ্ধোধন কৰা হৈছে । এই যাতায়ত ব্যৱস্থাৰ জড়িয়তে বিশ্ব বাসীয়ে মাজুলীক অতি কম সময় ভিতৰত জনাৰ ওপৰিও সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ মাজুলীৰ পৰ্যটন ক্ষেত্ৰখন অধিক প্ৰগতিশীল হ’ব বুলি আশা ব্যক্ত কৰে মূখ্যমন্ত্ৰীয়ে । মূখ্যমন্ত্ৰীয়ে মাজুলী আন্তঃগাঠনি টনকিয়াল কৰাৰ অংশ হিচাপে হেলিপৰ্ট নিৰ্মাণ কৰা হৈছে আৰু তাৰ সমান্তৰাল ভাবেই  মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ কামো চৰকাৰে অতি আন্তৰিকতাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰে । ইয়াৰ পূৱে মূখ্যমন্ত্ৰীয়ে কেৰেলা গাওঁ স্থিত শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অ-নিৰ্ধাৰিত পূজিৰ পৰা আৱন্তিত ২৫ লাখ টকাৰ বিদ্যালয়ৰ ভৱনৰ আধাৰ শিলা স্থাপন কৰে । মাজুলীত আজি মূখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰা অসমৰ প্ৰথম খন হেলিপৰ্টৰ পৰাই হেলিকপ্টাৰত উঠি মাজুলীৰ পৰা ৰাওনা হয় ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here