মাণিকপুৰত অসম জাতীয় পৰিষদৰ সভাত অথন্তৰ , সমষ্টি কমিটি গঠনকলৈ দুই ফৈদৰ বাক-বিতণ্ডা

    0
    93

    মাণিকপুৰত অসম জাতীয় পৰিষদৰ সভাত অথন্তৰ , সমষ্টি কমিটি গঠনকলৈ দুই ফৈদৰ বাক-বিতণ্ডা
    দুৰ্নীতিৰ দৰ্পণ ,মাণিকপুৰ,১ফেব্ৰুৱাৰীঃ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দল আৰু নেতা কৰ্মী সকল । প্ৰতিটো ৰাজনৈতিক দলে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে গাঁৱে ভূঞে সভা সমিতি অনুস্থিত কৰি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা অৱ্যাহত ৰাখিছে । পিছ পৰি থকা নাই নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ দল । আজি বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰত অসম জাতীয় পৰিষদ দলৰ অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ দলটোৰ সমষ্টি কমিটি গঠনৰ বাবে মাণিকপুৰ প্ৰেক্ষাগৃহত এখন সভা অনুস্থিত হৈছিল । সভাৰ আৰম্ভনিতে দুই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাজত সৃষ্টি হয় তুমুল বাক-বিতণ্ডাৰ । সভাৰ সভাপতি হিচাপে আমিনুল ইছলামক দায়িত্ব দিয়াত মঞ্চতেই সৃষ্টি হয় বিতৰ্কৰ। পিছত সভা পৰিচালনাৰ বাবে সভানেত্ৰী হিচাপে দায়িত্ব দিয়া হয় তত্ত্বাৱধায়ক হিচাপে অহা অপৰাজিতা বৰাক। পিছত সভানেত্ৰী অপৰাজিতা বৰাৰ নেতৃত্বত সভাৰ কাৰ্যসূচী আৰম্ভ কৰি পিছত যেতিয়া সমষ্টি কমিটি গঠন কৰিবলৈ আৰম্ভ কৰে , তেতিয়া প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰাক্তন বিধায়ক মকবুল হুছেইন আৰু অজন্তা বৰুৱাৰ সমৰ্থকৰ মাজত আৰম্ভ হয় বাক-বিতণ্ডাৰ । ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টি কমিটিৰ সভাপতি হিচাপে দুয়োজন প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থী আৰু সদস্য অন্তৰ্ভূক্তিৰ বাবে সমৰ্থনকাৰীক লৈ আহে । পিছত সমষ্টি কমিটিৰ সভাপতি হিচাপে একাংশই আমিনুল ইছলামক সমৰ্থন কৰে আন একাংশই মহম্মদ আলীক সমৰ্থন জনায়। আৰু লগে লগে দুটা ফৈদৰ স্পষ্ট ভাৱ প্ৰকাশ পায় । দুই ফৈদৰ অৰিয়া-অৰিত সভাত উত্তেজনাৰ সৃষ্টি হোৱাত সভালৈ অহা বহু লোক সভাস্থলী ত্যাগ কৰে । দুয়ো ফৈদৰ মাজত তুমুল তৰ্ক বিতৰ্ক চলি থকাৰ মাজতে আমিনুল ইছলামক সমষ্টি কমিটিৰ সভাপতি হিচাপে লৈ এখন অসম্পুৰ্ণ সমষ্টি কমিটি গঠন কৰি সভাপতি /সম্পাদকক পূৰ্ণাংগ সমিতি গঠন কৰাৰ দায়িত্ব অৰ্পন কৰি সভা ভংগ কৰে তত্ত্বাবধায়ক গৰাকীয়ে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here