মাণিকপুৰত একৈশ তম প্ৰাইজমানী টেনিছ বল প্ৰতিযোগিতাৰ সমাপ্তি

    0
    104

    মাণিকপুৰত একৈশ তম প্ৰাইজমানী টেনিছ বল প্ৰতিযোগিতাৰ সমাপ্তি

    দুৰ্নীতিৰ দৰ্পণ,মাণিকপুৰ , ৬ মাৰ্চঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত মৌখোৱা চানেকি সংঘৰ উদ্যোগত অনুষ্ঠিত একৈশ তম প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চুড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। উক্ত খেলখনত নাছিৰ ইলেভেন (মৌখোৱা) বনাম ছিগনেশ্বাৰ ক্লাৱ(বঙাইগাওঁ) ৰ মাজত অনুষ্ঠিত হয়। এই চূৰান্ত খেলখনত নাছিৰ ইলেভেন মৌখোৱা বিজয়ী হয়। বিজয়ী দলক আকৰ্ষনীয় ট্ৰফীৰ লগতে পঁয়ত্ৰিছ হাজাৰ এক টকা, বিজিত দলক ট্ৰফি আৰু বিশ হাজাৰ এক টকাৰে পূৰস্কৃত কৰা হয়। বিজয়ী ট্ৰফি প্ৰদান কৰে দাতা তহিবুল হুছেইন(মৌখোৱা), বিজিত দলৰ ট্ৰফী প্ৰদান কৰে দাতা ছাইদুল ইছলাম(মৌখোৱা)। সুনীল বেৰাক শ্ৰেষ্ঠ খেলুবৈ(Man of the series), দিলদাৰ খানক (Mane of the Matchs), অমৰেন্দ্ৰ শামন্তক (Best of the sixer), ভোলাক(Best of the Fielder) আৰু সুনীল বেৰাক (Best of the Bolar) ৰ সন্মান প্ৰদান কৰা হয়। আজিৰ চূৰান্ত খেলখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ভুপেন ৰায়(বিধায়ক,৩৪ নং উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টি), হেম ৰায়(সমাজকৰ্মী), ৰাজু ৰায়(সভাপতি, মাণিকপুৰ গাওঁ পঞ্চায়ত) আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here