মানকাচৰত হ’ব ৰাজনৈতিক খেল!
দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী, ১৩ মাৰ্চঃ ৰাজ্যত সমাগত ২১ ৰ বিধান সভা নিৰ্বাচন ৷ তৎপৰ হৈ পৰিছে ৰাজ্যত সকলো ৰাজনৈতিক দল ব্যতিক্ৰম নহয় মানকাচৰতো ৷ মানকাচৰৰ ৰাজনৈতিক পট পৰিবৰ্তন হৈছে প্ৰতিটো মুহূৰ্তত এনে প্ৰেক্ষাপটত সামাজিক মাধ্যমৰ লগতে প্ৰতিটো দলীয় কৰ্মীৰ মাজত ব্যাপক ভাবে শুনা গৈছে ’’খেলা হবে” প্ৰকৃততে কি খেল ? কংগ্ৰেছ, এ আই ইউ ডি এফকে ধৰি ৮ টা ৰাজনৈতিক দলে একত্ৰিত হৈ মহাজোঁট বন্ধন গঠন কৰি ৰাজ্যৰ ২১ ৰ বিধান সভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ সাজু হৈছে ৷ আনফালে , বিজেপি আৰু অগপৰ মিত্ৰজোঁটে ১০০+ সংকল্পৰে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ব্যাপক প্ৰচাৰ চলাই মহাজোঁট বন্ধনক পৰাভূত কৰিবলৈ সাজুহৈ আছে ৷ এক কথাত ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম ৷ এনে প্ৰেক্ষাপটত মানকাচৰত কি হব , তাকেলৈ চলিছে ব্যাপক চৰ্চা ৷ মানকাচৰত বৰ্তমান মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে চাৰিজন ৷ এ আই ইউ ডি এফৰ আমিনুল ইছলাম,অগপৰ জাবেদ ইছলাম,এনপিপিৰ আমিনুল ইছলাম (দুলাল)আৰু সাংবাদিক মনোৱাৰা হুছেইন ৷ চলিত মাহৰ ৯ তাৰিখে মানকাচৰ সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰা মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলামক দলীয় কৰ্মীয়ে সমষ্টিলৈ উষ্ম আদৰণি জনাই হাটশিঙিমাৰীৰ পৰা মানকাচৰ প্ৰায় ২২ কিঃমিঃ পথ শোভাযাত্ৰা কৰি নিৰ্বাচনী ৰণডংকা বজায় ৷ মিত্ৰজোঁট দলৰ পৰা মানকাচৰ সমষ্টিত বিজেপিৰ টিকটৰ দাবীদাৰ আমিনুল ইছলাম (দুলাল) টিকটৰ পৰা বঞ্চিতহৈ দল ত্যাগ কৰে আৰু কৰ্নাড কে. ছাংমাৰ নেতৃত্বাধীন এনপিপি দলত ইতিমধ্যে যোগদান কৰি মানকাচৰ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াবলৈ সাজু হৈছে ৷ আনফালে , চলিত মাহৰ ১১ মাৰ্চত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা এ আই ইউ ডি এফৰ মুখ্যপাত্ৰ আমিনুল ইছলামে প্ৰাৰ্থীত্ব লাভ কৰি গুৱাহাটীৰ পৰা আহি মানকাচৰ সমষ্টিত পাঁচ সহস্ৰাধিক সমৰ্থকৰ লগত বিশাল শোভাযাত্ৰা উলিয়াই নিৰ্বাচনী ৰণডংকা বজায় ৷ মানকাচৰ সমষ্টিৰ মহাজোঁট বন্ধনৰ পৰা কংগ্ৰেছৰ বিধায়ক মতিউৰ ৰহমান মণ্ডলক টিকট নিদিয়াৰ বাবে আজিলৈকে গুৱাহাটীত বাহৰ পাতি আছে ৷ এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে , মতিউৰ ৰহমান মণ্ডলে মানকাচৰ সমষ্টিৰ কংগ্ৰেছৰ টিকট লৈ আহিব মানকাচৰত ৷ হাটশিঙিমাৰীৰ জ্যেষ্ঠ সাংবাদিক মনোৱাৰা হুছেইনে বিগত প্ৰায় দুই বছৰ ধৰি মানকাচৰ সমষ্টিত ব্যাপক ভাৱে প্ৰচাৰ চলাই আছে ৷ মানকাচৰ সমষ্টিত মনোৱাৰা হুছেইনে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বী কৰিব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ এনে প্ৰেক্ষাপটত মানকাচৰৰ ৰাজনীতিৰ খেলত কোনে কেনে ধৰণে খেলে , সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হব ৷

6 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here