মানকাচৰৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক উষ্ম আদৰণি

    0
    75

    মানকাচৰৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক উষ্ম আদৰণি

    দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী, ৯ মাৰ্চঃ মানকাচৰ সমষ্টিৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক সমষ্টিলৈ উষ্ম আদৰণি দলীয় সমৰ্থকৰ ৷ টিকট লাভৰ পিছতে আজি সমষ্টি অভিমুখে আহি থকা অৱস্থাত মেঘালয়ৰ ৰাজাবালাৰ পৰা শ শ সমৰ্থকে বাইক, ৰেলি কৰি জাবেদ ইছলামক আদৰি আনে মানকাচৰ সমষ্টিত ৷ মানকাচৰ সমষ্টিৰ পৰা মিত্ৰজোঁটৰ অগপৰ পৰা জাবেদ ইছলাম একমাত্ৰ দাবীদাৰ আছিল যাৰ বাবে মানকাচৰ সমষ্টি অগপক এৰি দিয়াত জাবেদ ইছলামে নিশ্চিত ভাবে টিকট লাভ কৰে ৷ মানকাচৰ সমষ্টিৰ অগপৰ টিকট প্ৰাপ্ত জাবেদ ইছলামে আজি গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ উভতি অহাত দলিয় কৰ্মীৰ লগতে জাবেদ ইছলামৰ অনুৰাগী সকলে উৎফুল্লিত হোৱা পৰিলক্ষিত হয় ৷ আৰু ফুলম গামোচাৰে উষ্ম আদৰণি জনায় প্ৰাৰ্থী গৰাকীক ৷ নেতা গৰাকী হাটশিঙিমাৰীৰ চুপাৰ মাৰ্কেটত দলীয় কৰ্মীৰ লগত সাক্ষাৎ কৰি মানকাচৰ নিজ বাসগৃহলৈ ৰাওনা হোৱাৰ পূৰ্বে মানকাচৰ সমষ্টিবাসি ৰাইজক ধন্যবাদ জ্ঞাপন কৰি হাটশিঙিমাৰীত ভূমি আৱণ্টনৰ নামত অনিয়ম কৰিছে ৷ নাম নোলোৱাকৈ কলে চাৰিজন নেতাই চৰকাৰী বিষয়াৰ লগত লগ লাগি এগ্ৰিকালছাৰ কে বিভিন্ন কামত অনিয়ম কৰিছে এই বিলাক প্ৰথমে নিয়মত আনিব লাগিব এনেকুৱা ধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবাঢ়ায় সাংবাদিকৰ আগত ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here