মানকাচৰৰ দিয়াৰাত বি এচ এফৰো ছিভিক এক্সন প্ৰগ্ৰাম

    0
    65

    মানকাচৰৰ দিয়াৰাত বি এচ এফৰো ছিভিক এক্সন প্ৰগ্ৰাম
    দুৰ্নীতিৰ দৰ্পণ সেৱা,হাটশিঙিমাৰী,৭ মাৰ্চঃ মানকাচৰ ভাৰত-বাংলা সীমান্তবৰ্ত্তী এলেকাৰ দিয়াৰা ৫৬ নং পাথুৰীয়া এল,পি স্কুলৰ খেলপথাৰত শনিবাৰে দুপৰীয়া 6th BN BSFৰ উদ্যোগত ছিভিক এক্সন প্ৰগ্ৰাম অনুষ্ঠিত হয়। BSFৰ ছিভিক এক্সন প্ৰগ্ৰামৰ জৰিয়তে মানকাচৰৰ ভাৰত-বাংলা সীমান্তবৰ্ত্তী এলেকাৰ দৰিদ্ৰ-দুখীয়া ৰাইজৰ সুবিধাৰ্থে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া কৈ ঔষধ বিতৰণ,দুখীয়া নিচলা ৰাইজক আঠুৱা,কম্বল বিতৰণ কৰাৰ উপৰিও ৮ গৰাকী বিকলাঙ্গ লোকক ট্ৰাই-চাইকেল প্ৰদান কৰে বি এছ এফে ৷ উক্ত অঞ্চলৰ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰীও বিতৰণ কৰে উক্ত অনুষ্ঠানৰ জৰিয়তে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ দ্বাৰা দেশভক্তি মুলক নৃত্য গীতৰ পৰিবেশনৰ মাজেৰে অনুষ্ঠিত হোৱা ছিভিক এক্সন কাৰ্যসূচীত উপস্থিত থাকে 6th BN BSFৰ Command M.R. Meena,Deputy Command C.R. Mouja,Deputy Command Tiwari, Asstt. command,BSFৰ Dr. Abhijay Singh আৰু বিভিন্ন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু স্থানীয় সচেতন ব্যক্তি ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here