মূল্যবৃদ্ধি ৰোধৰ দাবীত লেঠাৰিকৈ ডিগবৈত দ্বিতীয় দিনা কংগ্ৰেছৰ প্ৰতিবাদ

    0
    56

    মূল্যবৃদ্ধি ৰোধৰ দাবীত লেঠাৰিকৈ ডিগবৈত দ্বিতীয় দিনা কংগ্ৰেছৰ প্ৰতিবাদ
    দুৰ্নীতিৰ দৰ্পণ সেৱা ,ডিগবৈ , ২২ ফেব্ৰুৱাৰীঃ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈতো আজি দ্বিতীয় দিনাও পেট্ৰল,ডিজেল,ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধৰ দাবীত ডিগবৈ নগৰত অৱস্থিত বিভিন্ন পেট্ৰল পাম্পৰ সন্মুখত হাপজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মূল্য বৃদ্ধি ৰোধৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে হাতে হাতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান উল্লেখিত বিভিন্ন প্লে কাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ কাম নাই,নৰেন্দ্ৰ মোদী হায় হায় ,সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ইত্যাদি শাসকীয় চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত হাপজান ব্লক কংগ্ৰেছ কমিটিৰ কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰাৰ লগতে কেইবা শতাধিক পুৰুষ-মহিলা কংগ্ৰেছকৰ্মীৰ উপস্থিতিত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শাৰীপাতি থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে বিৰোধিতা কৰে ৷ শাসকীয় চৰকাৰে পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ বাকজৰী ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি কৰি এচাম খাটি খোৱা সাধাৰণ শ্ৰেণীৰ অৱস্থা পানীত হাঁহ নচৰা কৰাৰ বিপৰীতে আন এচাম পুঁজিপতি বণিক গোষ্ঠীক সাধাৰণ শ্ৰেণীক শোষণ কৰিবলৈ ব্যৱহাৰ কৰা নীতিক তীব্ৰ ভাষাৰে বিৰোধিতা কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী কংগ্ৰেছকৰ্মীয়ে বিজেপি চৰকাৰৰ এনে শোষণ নীতিৰ বিৰুদ্ধে লগতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি অনতিপলমে ৰোধৰ কৰিবলৈ আহ্বান জনায় । অন্যথা শাসকীয় চৰকাৰ বিৰুদ্ধে ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়াৰ হুংকাৰ প্ৰদান কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here