মোৰাঝাৰত ৪৫০ কেজি ওজনৰ গাঞ্জা জব্দ সহ দুজন লোক আটক

    0
    102

    মোৰাঝাৰত ৪৫০ কেজি ওজনৰ গাঞ্জা জব্দ সহ দুজন লোক আটক

    ছাদিকুজ জামান , মোৰাঝাৰ , ১৯ ফেব্ৰুৱাৰী : হোজাই জিলাৰ মোৰাঝাৰত আৰক্ষীৰ অভিযানত ট্ৰাকসহ বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ মোৰাঝাৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৱে নিশা মোৰাঝাৰত অভিযান চলাই প্ৰায় ৪৫০ কেজি ওজনৰ গাঞ্জা জব্দ কৰাৰ লগতে NL 01 A 2892 নম্বৰৰ ট্ৰাকখন জব্দ কৰে ৷ হোজাই জিলা উপ আৰক্ষী অধীক্ষক দীপ্তি মালীয়ে জানিবলৈ দিয়া মতে নিশা এক গোপন সুত্ৰৰ পৰা মোৰাঝাৰ আৰক্ষীয়ে গাঞ্জা সৰবৰাহৰ গোপন খবৰ লাভ কৰি মোৰাঝাৰ অঞ্চলত অভিযান চলায় ৷ অভিযানৰ সময়ত সন্দেহজনক বাবে দুখন ট্ৰাক জব্দ কৰে ৷ আৰক্ষীয়ে ট্ৰাক দুখন থানাত নি তদন্ত পৰীক্ষা কৰোতে NL 01 A 2892 নম্বৰৰ ট্ৰাকখনৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জাখিনি উদ্ধাৰ হয় ৷ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত চালকসহ আন এজনক আটক কৰি মোৰাঝাৰ থানাত জেৰা চলাই আছে ৷ উল্লেখ্য যে , ট্ৰাকৰ ভিতৰত চালকৰ পিছফালে বিশেষভাৱে নিৰ্মিত এটা বিশেষ কক্ষত গাঞ্জাখিনি উদ্ধাৰ হয় ৷ গাঞ্জা সৰবৰাহৰ বাবে বিশেষ পদ্ধতি অৱলম্বন কৰাৰ এই ঘটনাই জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here