মৰিগাঁও দলবাৰীত ৪ ফেব্ৰুৱাৰীত সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস , লাই খুটা স্থাপন জিলা অধিবেশনৰো

    0
    70

    মৰিগাঁও দলবাৰীত ৪ ফেব্ৰুৱাৰীত সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস , লাই খুটা স্থাপন জিলা অধিবেশনৰো
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৭ জানুৱাৰী: সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ১৬ তম প্ৰতিষ্ঠা দিৱস আৰু মৰিগাঁও জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশন খনি অহা ৪ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ দলবাৰী খেলপথাৰত অনুষ্ঠিত হব । অধিবেশন উপলক্ষে আজি জাতীয় পৰম্পৰাৰে প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত লাই খুটা স্থাপন কৰা হয় । জিলা সদৰৰ পৰা মাত্ৰ ২ কিঃমিঃ দূৰত অৱস্থিত দলবাৰী যুৱ কল্যান সংঘৰ বিশাল খেলপথাৰত অনুষ্ঠিত হব লগীয়া অধিবেশনৰ প্ৰস্তুতি তুংগত উঠিছে । ইতিমধ্যে শলমাৰী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হকক সভাপতি হিচাপে লৈ অভ্যৰ্থনা সমিতি এখন গঠন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া অতিথি সকলক আদৰিবলৈ সাজু হৈছে । আজি লাই খুটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত,মৰিগাঁও জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইন,ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ প্ৰাক্তন সভাপতি মুন আলি ঠাকুৰীয়া,সমাজকৰ্মী মহেশ ডেকা ,গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহ সম্পাদক আহচানুল হক,মৰিগাঁও জিলা সমিতিৰ সভাপতি ইবাদুল আলি,সম্পাদক আৰিফউদ্দীন আহমেদকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি । লাইখুটা স্থাপন কৰাৰ পিছতেই উপস্থিত ৰাইজে শংকৰ আজানৰ মিলনভূমি অসম ভূমিত প্ৰতিটো জনগোষ্ঠীৰ লোকৰ উন্নতি, শান্তি, সম্প্ৰীতি আৰু এটা সুস্থিৰ পৰিৱেশৰ বাবে নেদেখা জনৰ ওচৰত দুহাত উঠাই প্ৰাৰ্থনা কৰে । উল্লেখযোগ্য যে , অধিবেশনৰ মুকলি সভাত অসমৰ কেবাগৰাকী বৰেণ্য ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here