মৰিগাঁৱত উলহ মালহেৰে ৭২ সংখ্যক গণৰাজ্য দিৱস পালন , মৰিগাঁৱৰ ভূৰাগাঁও পুৰণা বজাৰত ৬০ ফুট উচ্চতাত উৰিল পতাকা

0
125
মৰিগাঁৱত উলহ মালহেৰে ৭২ সংখ্যক গণৰাজ্য দিৱস পালন , মৰিগাঁৱৰ ভূৰাগাঁও পুৰণা বজাৰত ৬০ ফুট উচ্চতাত উৰিল পতাকা
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৭ জানুৱাৰীঃ মৰিগাঁৱৰ তৰুণৰাম ফুকন খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস কেন্দ্ৰীয় কাৰ্যসূচীৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো উলাহ মালহেৰে ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । পুৱা ৮.১০ বজাত গান্ধীভৱন চৌহদৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্য অৰ্পনেৰে  কাৰ্যসূচী  আৰম্ভ কৰা হয় । ৯.০০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ নগৰ উন্নয়ন , স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ (স্বতন্ত্ৰ)ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসঙ্গত বৰ্তমানৰ চৰকাৰ খনে অসমৰ জনসাধাৰণৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা বিভিন্ন উন্নয়নমূলক কাম আৰু আঁচনিৰ বিষয়েও জনসাধাৰণক অৱগত কৰে আৰু মৰিগাঁও জিলা খনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতি দিয়ে । মৰিগাঁৱত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথাও মন্ত্ৰী গৰাকীয়ে পুনৰ দোহাৰে আৰু মৰিগাঁও জিলাৰ প্ৰধান সমস্যা বান-গড়াখহনীয়াৰ  সমাধান সূত্ৰ উলিওৱা হ’ব বুলি ভাষণত উল্লেখ কৰে । বৰ্তমানৰ চৰকাৰ খনে ৫ বছৰীয়া কাৰ্য কালত যিখিনি উন্নয়নৰ কাম কৰিব পাৰিছে , তাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ কৃতিত্ব প্ৰদান কৰে আৰু ভৱিষ্যতেও তেনে কাম কৰি যাব পৰাকৈ ৰাইজৰ আশীষ বিচাৰে । আনহাতে , গণৰাজ্য দিৱস অনুষ্ঠানত উপস্থিত থকা মুক্তি যোদ্ধাৰ পৰিয়ালৰ সদস্য সকল আৰু জিলা খনৰ বাবে গৌৰৱ কঢ়িয়াই অনা সাহিত্যিক , শিল্পী , নাট্যকাৰ , অভিনেতা , সমাজ কৰ্মীক মুখ্য অতিথিৰ দ্বাৰা সম্বৰ্ধিত কৰা হয় । ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ কাৰ্যসূচীত কুচ-কাৱাজ প্ৰদৰ্শন কৰা তিনিটা শ্ৰেষ্ঠ দল আৰু বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতীক পট প্ৰদৰ্শনৰ শ্ৰেষ্ঠ বিভাগলৈও মুখ্য অতিথিৰ হাতেৰে বঁটা প্ৰদান কৰা হয় । ইফালে , অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মাই আঁত ধৰা এই কাৰ্যসূচীত মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা অসমৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ  ৰমাকান্ত দেউৰী , তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাঁহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ প্ৰমুখ্যে জিলা উপায়ুক্ত লীনা দাস , আৰক্ষী অধীক্ষক ড. নন্দ সিং বৰকলা , অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা , অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী , জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া ক্ষীতিচ চন্দ্ৰ পেগু , সহ-আয়ুক্ত মৈত্ৰেয়ী মৰাণ , ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল , বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকল , নিমন্ত্ৰিত অতিথি আৰু বিভিন্ন বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে । ইপিনে , এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উপায়ুক্ত একাদশ বনাম জিলা ক্ৰীড়া সন্থাৰ মাজত প্ৰীতি ক্ৰিকেট খেলা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । উল্লেখ্য যে- মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পুৰণা বজাৰত ৭২ সংখ্যক গণৰাজ্য দিৱসত ৬০ ফুট উচ্চতাত পতাকা উত্তোলন কৰে মৰিগাঁও জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি তুতুল বৰঠাকুৰে । ড০ দিপাংকৰ দেৱ নাথৰ পৰিকল্পনাৰে উদযাপন কৰা গণৰাজ্য দিৱস লগত সংগতি ৰাখি যোগাসনকে ধৰি বহু সাংস্কৃতিক কাৰ্যসূচীৰে গণৰাজ্য দিৱস উলহ মালহেৰে ভূৰাগাঁৱত বিস্তৃত ভাৱে উদযাপনৰ কৰে । মৰিগাঁৱত ৭২ সংখ্যক গণৰাজ্য দিৱস জিলা খনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানেও গণৰাজ্য দিৱস উদযাপন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here