মৰিগাঁৱত এখন বাছৰ পৰা দুটা পিষ্টল,দুটা মেগজিন সহ চাৰি ৰাউণ্ড সজীৱ গুলী জব্দ মৰিগাঁও আৰক্ষীৰ

    0
    87

    মৰিগাঁৱত এখন বাছৰ পৰা দুটা পিষ্টল,দুটা মেগজিন সহ চাৰি ৰাউণ্ড সজীৱ গুলী জব্দ মৰিগাঁও আৰক্ষীৰ , গাড়ীৰ দুজনকৈ চালকক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত মৰিগাঁও আৰক্ষীৰ
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১০ মাৰ্চ : বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে মৰিগাঁৱত আজি সন্ধিয়াৰ ভাগত আৰক্ষীয়ে দুটা পিষ্টল , দুটা মেগজিন সহ চাৰি ৰাউণ্ড সজীৱ গুলী জব্দ কৰা ঘটনাই মৰিগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰাপ্ত তথ্য মতে , মৈৰাবাৰীৰ পৰা নগাঁও হৈ কেৰেলালৈ যোৱা কে এল ৩৮ চি ১৭১৭ নম্বৰৰ এখন বাছৰ পৰা আজি মৰিগাঁও আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা আৰু উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই যুতীয়াভাৱে গোপন সুত্ৰৰ পম খেদি চ‌লোৱা অভিযানত এটা নাইন এম এম পিষ্টল,এটা পইণ্ট ২২ পিষ্টল,দুটা মেগজিন আৰু চাৰি ৰাউণ্ড সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা অবৈধ অস্ত্ৰ খিনি মৰিগাঁৱৰ কোনো লোকক জমা দিবলৈ অহাৰ সন্দেহ প্ৰকাশ কৰিছে মৰিগাঁও আৰক্ষীয়ে । আৰক্ষীয়ে বাছ খনৰ চালক দুজনক আটক কৰি ইতিমধ্যে অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত ৰাখিছে । ইপিনে , মৈৰাবাৰীৰ পৰা কেৰেলালৈ অহা যোৱা কৰা বাছ সমূহৰ ওপৰত মৰিগাঁও আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে । মৰিগাঁৱত অবৈধ অস্ত্ৰ-সস্ত্ৰৰ লগতে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা দুষ্ট চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে মৰিগাঁও আৰক্ষীয়ে অভিযান অৱ্যাহত ৰাখিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here