মৰিগাঁৱত কংগ্ৰেছ ভৱনত তীব্ৰ প্ৰতিবাদ ,মহাজোঁটত লাগিছে জঁট , কাৰ্যালয় প্ৰাংগনত কংগ্ৰেছ নেতাকৰ্মীয়ে দিলে ধৰ্না

    0
    58

    মৰিগাঁৱত কংগ্ৰেছ ভৱনত তীব্ৰ প্ৰতিবাদ ,মহাজোঁটত লাগিছে জঁট , কাৰ্যালয় প্ৰাংগনত কংগ্ৰেছ নেতাকৰ্মীয়ে দিলে ধৰ্না
    মৰিগাঁও সমষ্টিত চিপিআইৰ মুনিন মহন্তক টিকট নিদিবলৈ সকিয়নী কংগ্ৰেছ নেতৃত্বক কৰ্মীৰ
    ষ্টাফৰিপৰ্টাৰ , বাবু মনি শৰ্মা , মৰিগাঁও , ১ মাৰ্চ : মৰিগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল চিপিআইক এৰি দিয়াৰ খবৰ পাই মৰিগাঁও জিলা কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আজি দিনৰ ভাগত মৰিগাঁও কংগ্ৰেছ ভৱনত জিলা কংগ্ৰেছে মৰিগাঁও সমষ্টিটো মহাজোঁট বন্ধনৰ উদ্দেশ্যে চিপিআই দলক এৰি দিয়াটো নিশ্চিত হোৱা ভিতৰুৱা খবৰ পাই কংগ্ৰেছ কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰি কয় যে- বিগত বিধনসভা নিৰ্বাচন চিপিআই দলৰ প্ৰাৰ্থী মুনিন মহন্তই মাত্ৰ ৩৫২৬ টা ভোট লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জোনজোনালী বৰুৱাই ৫১০৪৬ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । তাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ৮০৬৬৯ টা ভোট লাভ কৰি বিপুল ভোটত জয়ী হৈছিল ৷ মৰিগাঁৱৰ কংগ্ৰেছ কৰ্মী সকলে পুনৰ কয় যে- কোনো গণ ভিক্তি নথকা চিপিআইৰ প্ৰাক্তন বিধায়ক মুনীন মহন্ত মহাজোঁটত চামিল হলেও মৰিগাঁও সমষ্টিটো এৰি দিলে মৰিগাঁও সমষ্টিৰ তিনিটা ব্ল’ক মৰিগাঁও,কপিলী,ভূৰবন্ধা ব্ল’ক কংগ্ৰেছৰ লগতে ৩২ টা মণ্ডল সমিতিৰ নেতা-কৰ্মী সকলে কংগ্ৰেছ ত্যাগ কৰাৰ হুংকাৰ দিয়ে। লগতে মৰিগাঁৱত কংগ্ৰেছ দলৰ বৃহৎ ক্ষতি হ’ব বুলিও প্ৰদেশ কংগ্ৰেছক সকিয়াই দিয়ে মৰিগাঁৱৰ কংগ্ৰেছ কৰ্মী সকলে । উল্লেখ্য যে-সমষ্টিটোত জোনজোনালী বৰুৱা,ৰমেশ বৰদলৈ, ৰাজীৱ নাথ , প্ৰবিত্ৰ বৰা আৰু ৰুপেশ্বৰ কাকতিয়ে কংগ্ৰেছৰ টিকত বিচাৰি ইতিমধ্যে আবেদন কৰিছে । তাপৰ্যপূৰ্ণ যে , মৰিগাঁও সমষ্টিত ইতিপূৰ্বে তিনিবাৰকৈ ১৫ বছৰ কাল একাধাৰে কংগ্ৰেছ প্ৰাৰ্থী জোনজোনালী বৰুৱা জয়ী হৈছিল । এতিয়াও সমষ্টিটোত কংগ্ৰেছৰ সবল স্থিতি থকাৰ পাছতো মহাজোঁট বন্ধনৰ স্বাৰ্থত চিপিআই দলক এৰি দিয়াটো কোনোপধ্যেই সহজভাৱে লব পৰা নাই কংগ্ৰেছ কৰ্মী সকলে । ইয়াৰ পিছতো যদি মৰিগাঁও সমষ্টিটো চিপিআই দলৰ প্ৰাৰ্থীক এৰি দিয়ে তেতিয়াহলে মৰিগাঁৱত কংগ্ৰেছ দলটোত এক অনাহত পৰিস্থিতিৰ হ’ব পৰা পৰিৱেশ প্ৰকট হৈ পৰিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here