মৰিগাঁৱত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী

    0
    76

    মৰিগাঁৱত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও,২৬ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাস্থিত কলাবিথিকা প্ৰেক্ষাগৃহত যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সহযোগত First-AID আৰু TRAUMA MANAGEMENT-ৰ ওপৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে তিনি দিনীয়া কাৰ্যসূচী লৈ পুলিচ পাৰচনেল সকলৰ মাজত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে । মুঠ ২৪ গৰাকী পুলিচ পাৰচনেলে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী জিলা অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ মুখ্য কাৰ্যবাঁহী বিষয়া অজিত কুমাৰ শৰ্মাই উদ্বোধন কৰি সাৰুৱা ভাষন প্ৰদান কৰে । মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ মেডিকেল আৰু স্বাস্থ্য বিষয়া ডা: দিচেন বৰদলৈ, ইণ্ডিয়ান ৰেড ক্ৰছ চচাইটিৰ ৰাজ্যিক শাখাৰ প্ৰগ্ৰাম মেনেজাৰ ৰাজকুমাৰ শৰ্মা, অগ্নি আৰু আপাতকালীন সেৱা আৰু এছ ডি আৰ এফ ৰ ষ্টেচন অফিচাৰ মন্টু ওৰাং সমল ব্যক্তি হিচাপে কাৰ্যসূচীত উপস্থিত থাকে । দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ৫ গৰাকীকৈ ক্ষেত্ৰ বিষয়াও এই কাৰ্যসূচীত উপস্থিত থাকে । মৰিগাঁও জিলা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ আৰু এছ ডি আৰ এফৰ এক্সপাৰট সকলে প্ৰশিক্ষণৰ সময়ত First-AID আৰু TRAUMA MANAGEMENT -ৰ ওপৰত প্ৰেক্টিকেল ডেমনষ্ট্ৰেচন প্ৰদৰ্শন কৰে । অনুষ্ঠানৰ শেষত অংশ গ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় আৰু জিলা প্ৰকল্প বিষয়া ৰঞ্জু শৰ্মাৰ ভাষনেৰে কাৰ্যসূচী সামৰা হয় বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here