মৰিগাঁৱত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

    0
    73

    মৰিগাঁৱত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

    *ষ্টাফৰিপৰ্টাৰ ,*মৰিগাঁও, ২৬ ফেব্ৰুৱাৰী:মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি দিনৰ দুই বজাত জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয় । জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলক লৈ অনুষ্ঠিত কৰা সভা খনত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা আঁচনি সমূহৰ হৰ্ডিংবোৰ তৎকালে আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে আৰু ৰাজহুৱা স্থানত অথবা কাৰ্যালয়ৰ চৌহদত চলি থকা আঁচনিৰ বিৱৰণী থকা বেনাৰ সমূহ আঁতৰাবলৈ কয়। লগতে এই কাৰ্য স-সন্মানে ভিডিঅ কৰি এটা ফৰ্মেটত প্ৰশাসনক জনাব লাগিব বুলি সভাত জানিবলৈ দিয়ে । নিৰ্বাচনৰ কাম কাজত ব্যাঘাত নহবৰ বাবে বিষয়া সকলক সদৰ স্থান এৰিবলৈ বাৰন কৰে । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অজিত কুমাৰ শৰ্মা, দেৱযানী চৌধুৰী, জিলা আৰক্ষী অধীক্ষক ড. নন্দ সিং বৰকলা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল আৰু বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত আছিল বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here