মৰিগাঁৱত পিষ্টলসহ তিনিজনক আটক মৰিগাঁও আৰক্ষীৰ

    0
    39



    মৰিগাঁৱত পিষ্টলসহ তিনিজনক আটক মৰিগাঁও আৰক্ষীৰ
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৪ মাৰ্চ : বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে মৰিগাঁৱত আৰক্ষীয়ে পিষ্টলসহ তিনিজনকৈ লোকক আটক কৰা ঘটনাই মৰিগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰাপ্ত তথ্য মতে , ডিমাপুৰৰ পৰা মৈৰাবাৰীলৈ ২ টা পিষ্টল আৰু ১৩ জাই সজীৱ গুলীসহ ধৃত তিনিজন লোক আহি আছিল । নমন মামৰ নামৰ গাড়ীখনত মৈৰাবাৰীলৈ গৈ থকা অৱস্থাত মৰিগাঁও আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি চ‌লোৱা অভিযানত পিষ্টলসহ তিনিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় । ধৃত লোককেইজনে নমন মামৰ বাছ খনত ধনৰ বিনিময়ত এনে ধৰণে ২ টাকৈ পিষ্টল ,১৩ জাই সজীৱ গুলীসহ কঢ়িয়াই অনা মুল অভিযুক্ত আচাদুল ইছলাম আৰু চৈয়দুল ইছলামক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ ইপিনে,মৰিগাঁও আৰক্ষীয়ে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ইতিমধ্যে তীব্ৰ অভিযান অৱ্যাহত ৰাখিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here