মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰীৰ প্ৰাৰ্থীত্ব নিশ্চিত,জাতীয় পৰিষদৰ বাণী দাস,কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থী চিপিআইৰ মুনীন মহন্ত

    4
    137


    মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰীৰ প্ৰাৰ্থীত্ব নিশ্চিত,জাতীয় পৰিষদৰ বাণী দাস,কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থী চিপিআইৰ মুনীন মহন্ত
    সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ভূল নীতিৰ বাবেই মৰিগাঁৱত মুখ থেকেচা খালে কংগ্ৰেছে , কংগ্ৰেছ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ , মুনীন মহন্তক মানি নলয় মৰিগাঁও কংগ্ৰেছে
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৫ মাৰ্চ: মৰিগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল চিপিআইক এৰি দিয়া নিশ্চিত হোৱাত আজি মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও সমষ্টিৰ কংগ্ৰেছৰ নেতা-কৰ্মী সকলে । মৰিগাঁও সমষ্টিত কংগ্ৰেছৰ বহু দশক ধৰি বিশাল গণভিত্তি থকা স্বত্বেও মিত্ৰজোঁটৰ দল চিপিআইক এৰি দিয়াৰ পৰিকল্পনা চলি থকা সময়ৰ পৰা তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী সকলে ক্ষোভত ধাৰাবাহিক ভাৱে তীব্ৰ প্ৰতিবাদ কৰি আহিছিল। বৃহৎ গণভিত্তিৰে কংগ্ৰেছ জিলিকি থকা মৰিগাঁও সমষ্টিটোত নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ নিজৰ স্থিতিত দুৰ্বলতা থকাৰ বাবেই সমষ্টিটোত কংগ্ৰেছক গণবিছিণ্ণ কৰাৰ অভিযোগ তুলি তৃণমূল কংগ্ৰেছ কৰ্মী সকলে ক্ষোভ প্ৰকাশ কৰি কয় যে- সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাই সমষ্টিৰ বৃহত সংখ্যাগৰিষ্ঠতা থকা তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী সকলৰ কথা ভাবি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আগত নিজৰ সবল স্থিতি প্ৰদৰ্শন কৰিব নোৱাৰিলে। প্ৰদেশ কংগ্ৰেছৰ আঙুলি ধাৰত নাচি নিজৰ গণভিত্তি থকা কংগ্ৰেছৰ সমষ্টিটোকে নি:শেষ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। সমষ্টিটোত কংগ্ৰেছৰ নেতা-কৰ্মী সকলে বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিবলৈ তৃণমূল পৰ্যায়লৈ দিনে নিশাই কষ্ট কৰি অৱশেষত মহাজোঁটৰ স্বাৰ্থত চিপিআই দলক এৰি দিয়াত আজিও সহজ ভাবে ল’ব পৰা নাই কংগ্ৰেছৰ নেতা-কৰ্মী সকলে। মহাজোঁটৰ স্বাৰ্থত চিপিআই দলৰ প্ৰাৰ্থী মুনীন মহন্তক প্ৰাৰ্থীত্ব দিয়াত সমষ্টিটোত কংগ্ৰেছ কৰ্মী সকলে ইমান দিনে কৰি অহাৰ কষ্টত চেঁচা পানী পেলালে মৰিগাঁও কংগ্ৰেছ শিবিৰত। আজি দিনৰ ভাগত মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত সমষ্টিটো চিপিআইক এৰি দিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি একাংশ নেতা-কৰ্মীয়ে কয় যে- আগন্তুক নিৰ্বাচনৰ বাবে মৰিগাঁও তিনিটা ব্ল’ক মৰিগাঁও, কপিলী, ভূৰবন্ধা আৰু ৩২ টা মণ্ডলৰ নেতা-কৰ্মীয়ে ভোটাৰ ৰাইজক সজাগ কৰাৰ লগতে ঘৰে ঘৰে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। মৰিগাঁও সমষ্টিত কংগ্ৰেছৰ কেইবাজনো টিকট দাবীদাৰ নতুন মুখৰ হোৱাৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাই সমষ্টিটোত নতুন মুখক আগুৱাই নিয়াৰ পৰা বিৰত থাকি সমষ্টিটোকে নি:শেষ কৰা বুলি মন্তব্য কৰে। নেতা-কৰ্মী সকলে পুনৰ কয় যে- সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাই যদি সমষ্টিটোত কংগ্ৰেছৰ দখলত থকাটো বিচৰা হ’লে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনালে হেঁতেন। মৰিগাঁও সমষ্টিত কংগ্ৰেছৰ গণভিত্তি থকা অৱস্থাত এটা গণভিত্তি নথকা দল চিপিআই নেতা মুনীন মহন্তক মহাজোঁটৰ স্বাৰ্থত কেনেকৈ টিকট দিলে সেয়া তাৰ পৰাই স্পষ্ট হৈ পৰিছে। ইপিনে, আজি কংগ্ৰেছৰ নেতা-কৰ্মী সকলে এইবাৰ নিৰ্বাচনত মহাজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ বিপৰীতে ন’টাত ভোট দিয়াৰ হুংকাৰ দিয়ে। লগতে বহুতো নেতা-কৰ্মীয়ে আন ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰস্তুতি চলোৱাৰ ইংগিতো প্ৰদান কৰিছে।
    মৰিগাঁও সমষ্টিত বিজেপিৰ ৰমাকান্ত দেউৰী , এজেপিত বাণী দাসৰ টিকট নিশ্চিত
    মৰিগাঁও ৮০ নং বিধানসভা সমষ্টিত বহু জল্পনা কল্পনাৰ অন্তত বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে পুনৰ প্ৰাৰ্থীত্ব পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । তাৰ বিপৰীতে এজেপিৰ এজনেই প্ৰাৰ্থীত্ব দাবীদাৰ বাণী দাসৰ টিকট নিশ্চিত হয় । সমষ্টিটোত বিজেপিৰ চাৰিজনকৈ টিকটৰ দাবীদাৰ ক্ৰমে বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰী,হেমন্ত দেউৰী,পৱন মান্তা আৰু যাদৱ কোৱঁৰ আছিল যদিও অৱশেষত বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে টিকট পোৱাটো একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে । বিজেপিত কেইবাজনো টিকট দাবীদাৰ হোৱা স্বত্বেও সকলোকে পৰাভূত কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে বিজেপিত টিকট নিশ্চিত কৰাটো তাৎপৰ্য বহন কৰিছে ।

    4 COMMENTS

    1. I like the helpful information you provide in your articles.
      I will bookmark your blog and check again here regularly.
      I’m quite certain I will learn plenty of new stuff right here!

      Best of luck for the next!

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here