মৰিগাঁৱত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন

    0
    41


    মৰিগাঁৱত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন

    পুলিন কাকতি ,ভূৰবন্ধা , ২৭ ফেব্ৰুৱাৰী : শনিবাৰে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলা ভূৰবন্ধাতো জিলা কোচ ৰাজবংশী সন্মিলনৰ উদ্যোগত ভূৰবন্ধা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনৰ সহযোগত ৫১১ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰে । পুৱা ৬ বজাত ধনেশ্বৰ মেধি আতৈ দ্বাৰা পুৱাৰ প্ৰসঙ্গৰে আয়োজন কৰা অনুষ্ঠানত পৰবৰ্ত্তী সময়ত বন্তি প্ৰজ্বলন ,পতাকা উত্তোলন ,বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিচ্ছবিত মাল্যাৰ্পন , ৯-৩০ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা পিছত দিনৰ বাৰ বজাত মুকলি সভা আয়োজন কৰা হয় । মুকলি সভাত উপস্থিত থাকে মৰিগাঁও সদৰ সমষ্টি বিধায়ক ৰামাকান্ত ডেউৰী , জিলা বিজেপি জেষ্ঠ নেতা যাদব কোঁৱৰ , বিশিষ্ট সাংবাদিক উপেন ডেকা , সমাজ কৰ্মী অশোক ডেকা সহ কোচ ৰাজবংশী সমিতি জিলা সকলো বিষয় ববীয়া লগতে অঞ্চল কেইবা সহস্ৰাধীক লোক । অনুষ্ঠানত উপষ্ঠিত থাকি বিধায়ক ৰামাকান্ত ডেউৰীয়ে কয় । বিশ্ব মহাবীৰ চিলাৰায় জীৱনি সম্পৰ্কে এক আলোকপাত কৰা লগতে কোচ সম্পদায়ৰ সাংস্কৃতি ও একতাৰ বিষয়ে বক্তব্য প্ৰদান কৰে । আনফালে , উদযাপন সমিতি সম্পাদক গৰাকীয়ে মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ সন্দৰ্ভত কয়।প্ৰতি বছৰৰ দৰে এইবাৰো আমি সমগ্ৰ অসমৰ লগতে মৰিগাঁওটো বিশ্ব বীৰ চিলাৰায় দিবসটি অতি উলহ-মালহে আয়োজন কৰিছো আৰু অনাগত দিনত আমি আমাৰ এই বীৰ গৰাকী কৰ্মক আগত লৈ আগবাঢ়ি যাম ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here