মৰিগাঁৱত ৰাজ্যপাল ছোৱালী ভলীবল মিচনৰ খেল সামগ্ৰী বিতৰণ

    0
    52

    মৰিগাঁৱত ৰাজ্যপাল ছোৱালী ভলীবল মিচনৰ খেল সামগ্ৰী বিতৰণ
    ষ্টাফৰিপৰ্টাৰ ,মৰিগাঁও, ২৫ ফেব্ৰুৱাৰী :মৰিগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি পুৱাৰ ভাগত জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত ৰাজ্যপাল ছোৱালী ভলীবল মিচনৰ অধীনত খেল সামগ্ৰী বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । এই অনুষ্ঠানত মৰিগাঁও জিলাৰ অন্তৰ্গত মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও টাউন হাইস্কুল, মৰিগাঁও এম ভি স্কুল আৰু চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় মুঠ ৫ খন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰী সকলৰ হাতত জিলা উপায়ুক্তই দুটাকৈ ভলীবল আৰু নেট আনুষ্ঠানিক ভাৱে প্ৰদান কৰে । উল্লেখযোগ্য যে , জিলা খনৰ সৰ্বমুঠ ১৮২ খন বিদ্যালয়ত ৰাজ্যপাল ছোৱালী ভলীবল মিচনৰ অধীনত দুটাকৈ ভলীবল আৰু নেট প্ৰদান কৰা হৈছে । আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈ, ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া তথা মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(সংলগ্ন) বিক্ৰমজিত বৰা প্ৰমুখ্যে নিমন্ত্ৰিত বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰী সকল উপস্থিত থাকে । এই কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জালুগুটি হায়াৰ চেকেণ্ডাৰী আৰু মৰিগাঁও টাউন হাইস্কুলৰ ছাত্ৰী সকলৰ মাজত প্ৰীতি ভলীবল খেল অনুষ্ঠিত কৰা হয় । এই খেল ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া তথা মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) বিক্ৰমজিত বৰাই উদ্বোধন কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here