মৰিগাঁৱৰ ম’হযুঁজ,যাত্ৰা পাৰ্টিত জুৱাৰ আড্ডা

    0
    81

    মৰিগাঁৱৰ ম’হযুঁজ,যাত্ৰা পাৰ্টিত জুৱাৰ আড্ডা
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৮ ফেব্ৰুৱাৰী : মধ্য অসমত মাঘ মাহৰ পৰা আৰম্ভ হোৱা ঐতিহাসিক ম’হযুঁজ ক্ষেত্ৰত প্ৰায় মুকলি ভাৱে একাংশ দুষ্ট চক্ৰই চলাই আছে জুৱা খেল। জিলা খনত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা প্ৰায় কেইখন ম’হযুঁজ ক্ষেত্ৰত মুকলি ভাৱে জুৱা খেল অনুষ্ঠিত হৈ অহাত সমগ্ৰ মৰিগাঁও জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে- মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত হাবিবৰঙাবাৰীত আজি অনুষ্ঠিত হোৱা ম’হযুঁজতো একাংশ দুষ্ট চক্ৰই মুকলি ভাৱে অনুষ্ঠিত কৰা জুৱা খেলত সচেতন ৰাইজ অতিষ্ঠ হৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তিনিজনক আটক কৰে। আনহাতে, জিলা খনৰ লাহৰীঘাটৰ তিতাতলাত একাংশই যাত্ৰা পাৰ্টিৰ নামত চলাইছে বৃহৎ জুৱাৰ আদ্দা।লাহৰীঘাট আৰক্ষী থানাৰ নিকটবৰ্ত্তী অঞ্চলত এতিয়া আৰম্ভ হৈছে বৃহৎ বৃহৎ জুৱা খেল। ইপিনে, জিলা খনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ অহা ম’হযুঁজ বা যাত্ৰা পাৰ্টিৰ নামত একাংশ দুষ্ট চক্ৰই কাৰ সাহসত মুকলি ভাৱে জুৱা অনুষ্ঠিত কৰি আহিছে তাক লৈও সচেতন ৰাইজৰ মাজত এক প্ৰশ্ন উত্থাপন হৈছে। ইফালে, জিলা খনত মুকলি ভাৱে চলাই থকা জুৱা চক্ৰটোৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষী অধীক্ষকে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে, পৰবৰ্তী সময়ত সেয়া লক্ষ্যনীয় হ’ব।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here