মৰিগাঁৱৰ লাহৰীঘাটত কংগ্ৰেছৰ নিৰ্বাচনী ৰণশিঙা , অসমত ভোট কিনিবলৈ আৰম্ভ কৰিছে বিজেপিয়েঃ জিতেন্দ্ৰ সিং

    0
    93

    মৰিগাঁৱৰ লাহৰীঘাটত কংগ্ৰেছৰ নিৰ্বাচনী ৰণশিঙা ,
    অসমত ভোট কিনিবলৈ আৰম্ভ কৰিছে বিজেপিয়েঃ জিতেন্দ্ৰ সিং
    কংগ্ৰেছ চৰকাৰ আহিলে চৰ চাপৰি লোকক পট্টা দিবঃ ৰিপুণ বৰা
    শীৰ্ষ নেতৃত্বৰ সন্মূখত নিজৰ প্ৰাৰ্থিত্ব নিশ্চিত বুলি দাবী প্ৰাক্তন মন্ত্ৰী নজৰুলৰ
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও ,২৮ জানুৱাৰী : অসমত বিজেপিয়ে ভোট কিনিবলৈ আৰম্ভ কৰিছে। কিন্তু অসমৰ ৰাইজে ভোট বিক্ৰী নকৰে। লাহৰীঘাটত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ ৰাট্ৰীয় সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তিনচিকীয়া ৰাজীৱ গান্ধী খেল পথাৰত আজি প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘূ বিভাগে আয়োজন কৰা মধ্যমণ্ডলৰ অভিৱৰ্তনত প্ৰগেশ কংগ্ৰেছৰ প্ৰায় সকলো নেতা উপস্থিত থাকি নিৰ্বাচনী ৰণশিঙা বজায়। এই বিশাল নিৰ্বাচনী সভাত উপস্হিত থাকে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা,সৰ্বভাৰতীয় কংগ্ৰেছৰ সংখ্যালঘূ বিভাগৰ অধ্যক্ষ নাদিম জাভেদ ,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ,সাংসদ গৌৰৱ গগৈ ,সাংসদ প্ৰদ্যুৎ বৰদলৈ ,বিধায়ক ৰকিবুল হুছেইন ,বিধায়ক ৰেকিবুদ্দিন আহমেদ,স্থানীয় বিধায়ক ডা:নজৰুল ইছলাম আৰু তত্বাবধায়ক চাকিল আহমেদৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বিষয়বৱীয়া সকল । বিশাল নিৰ্বাচনী সভাত কেবা সহস্ৰাধিক লোকক উদ্দেশ্যি অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে নিজৰ ভাষনত কয় যে , উজনি অসমত আগন্তুক নিৰ্বাচনত কংগ্ৰেছে অধিকাংশ সমষ্টি দখল কৰিব । আগন্তুক নিৰ্বাচনত কংগ্ৰেছ তথা মহা মিত্ৰজোটে ১০১ খন আসনৰ ওপৰত জয়লাভ কৰি চৰকাৰ গঠন কৰিব। নিৰ্বাচনৰ ডেৰমাহ পুৰ্বেই অসমত কংগ্ৰছৰ জোৱাৰ উঠিছে। কংগ্ৰেছৰ জোৱাৰ দেখি শাসকীয় বিজেপি দল শংকিত হৈ স্কুটী বিতৰণ কৰা আৰম্ভ কৰিছে। সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ভাষনত সংখ্যালঘূ লোকৰ তিনিটা সমস্যাৰ ওপৰত ভাষন প্ৰদান কৰে। ৰিপুন বৰাই কয় যে , কংগ্ৰেছ চৰকাৰ আহিলে এন আৰ চিত নাম অহা লোকক পৰিচয় পত্ৰ দিব। এন আৰ চিৰ পৰা বাদ পৰা সকলোকে আবেদন কৰাৰ সুযোগ দিব।ইয়াৰ উপৰি চৰকাৰ আহিলে চৰ চাপৰিত বসবাস কৰা সকলো লোকক পট্ৰা দিব। আনহাতে , বান গৰাখহনীয়া সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে ৰিপুন বৰাই। কংগ্ৰেছৰ দূৰ্গৰূপে খ্যাত ৮১ নং লাহৰীঘাট সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী দিব বুলি ইংগিত দিয়ে ৰিপুন বৰাই। সভাত সৰ্বভাৰতীয় সংখ্যালঘূ বিভাগৰ অধ্যক্ষ নাদিম জাভেদে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনায় । জাভেদে বিত্ত মন্ত্ৰী ডঃ`হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে । সভাত সাংসদ গৌৰৱ গগৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় কয় যে ,হিমন্তৰ পৰা ৰাজনীতি শিকিব নালাগে । হিমন্তৰ নিচিনা দল বগৰা ৰাজনীতি নকৰো । হিমন্তই কওক তেঁও কেতিয়াও বিজেপি দল ত্যাগ নকৰে । আনহাতে , সভাত বিধায়ক ৰকিবুল হুছেইন ,বিধায়ক ৰেকিবুদ্দিন আহমেদ ,সাংসদ প্ৰদ্যুত বৰদলৈ আৰু চাকিল আহমেদে ভাষণ প্ৰদান কৰে । ইফালে , লাহৰীঘাটৰ ৫ বাৰৰ বিধায়ক ডা:নজৰুল ইছলামে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সন্মূখত তেওঁৰ প্ৰাৰ্থিত্ব নিশ্চিত বুলি দাবী কৰে । লাহৰীঘাট সমষ্টি ইউ ডি এফক এৰি দিয়াৰ উৰা বাতৰিত ভোল নোযোৱাৰ আহ্বান জনায় নজৰুল ইছলামে । ৫ বাৰকৈ বিধায়ক হেৱাৰ পিছতো সমষ্টিৰ ভোটাৰৰ আস্হা হেৰুৱাইছে ডা: নজৰুল ইছলামে । সমষ্টিটোত চিদ্দিক আহমেদৰ প্ৰৱল প্ৰচেষ্টৈত ইউ ডি এফৰ স্হিতি সৱল হোৱাত ডা: নজৰুল ইছলাম অধিক শংকিত হৈ পৰিছে । সমষ্টিত নিজৰ জনপ্ৰিয়তা অটুট থকা বুলি প্ৰমাণ কৰিবলৈ ডা: নজৰুল ইছলামে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক আনি শক্তি প্ৰদৰ্শন কৰা বুলি সমষ্টিজুৰি সৰৱ চৰ্চ চলিছে । উল্লেখ্য , লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে প্ৰাক্তন বি ডি অ এম জি আদিল আৰু এ পি চি চি সম্পাদক ইমদাদ হুছেইনে পূৰ্ণগতিত কুজ কাৱাজ অব্যাহত ৰাখিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here