যমুনামুখত আজমলৰ বিৰুদ্ধে অজাপৰ প্ৰাৰ্থী বদৰুল হকঃ ডবকাত বিপুল আদৰণি

    0
    43

    যমুনামুখত আজমলৰ বিৰুদ্ধে অজাপৰ প্ৰাৰ্থী বদৰুল হকঃ ডবকাত বিপুল আদৰণি

    জমিৰ উদ্দিন তালুকদাৰ, ডবকা ৯ মাৰ্চঃ বদৰুদ্দিন আজমলৰ গৃহ সমষ্টি যমুনামুখত মহাজোঁটৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আগৰ ব্যৱসায়ী বদৰুল হকক ৷ সমষ্টিত বিশেষ গণভিত্তি নথকা বদৰুল হক বৰ্তমান এগৰাকী নিৰ্বাচিত পঞ্চায়ত সভাপতি ৷ অসম জাতীয় পৰিষদে আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলক ভেটিবলৈ বদৰুল হকক প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ কৰিছে ৷ উল্লেখ্য যে, যমুনামুখ সমষ্টিৰ পৰাই আজমলৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল ৷ বদৰুদ্দিন আজমলৰ পিছতে একেটা সমষ্টিৰ পৰা একেৰাহে তেওঁৰ ভাতৃ আৰু পুত্ৰ জয়ী হৈ বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল ৷ এইবাৰ অকৰ্মণ্য বিধায়ক পুত্ৰ আব্দুৰ ৰহিমৰ সলনি আজমলে সমষ্টিটোত প্ৰাৰ্থী হিচাপে পূৰ্বৰ বিধায়ক ছিৰাজ উদ্দিন আজমলক প্ৰক্ষেপ কৰি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৷ অৱশ্যে এই পৰ্যন্ত আজমলক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই বিন্নাকান্দি ব্লক কংগ্ৰেছ ৷ কংগ্ৰেছৰ এটা শিবিৰে আজমলৰ পক্ষত থিয় দিয়াৰ বিপৰীতে আন এক ফৈদে লৈছে যুযুধান ৰূপ ৷ এনে অৱস্থাত আজমলৰ বাট মসৃণ নহব ৷ বিজেপিয়ে সমষ্টিটোৰ পৰা কোনো প্ৰাৰ্থী থিয় নকৰায় ৷ কাৰণ, সমষ্টিটো মিত্ৰদল অগপৰ ভাগত পৰিছে ৷ অগপৰ শক্তিশালী নেতা ৰেজাউল কৰিম চৌধুৰীয়ে এইবাৰ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে ৷ আজি এখন সভাত ৰেজাউল কৰিম চৌধুৰীয়ে এই কথা সদৰি কৰে ৷ সেয়ে অগপই তুলনামূলক এগৰাকী দুৰ্বল প্ৰাৰ্থী থিয় কৰাব ৷ ৰাইজৰ দলে ইতিমধ্যে ব্যৱসায়ী ইমদাদ আলীৰ পত্নী তথা অগপ নেতা ৰেজাউল কৰিম চৌধুৰীৰ ভগ্নী দিলৱাৰা বেগম চৌধুৰীক প্ৰাৰ্থিত্ব আগবঢ়াইছে ৷ অগপ আৰু বিজেপিৰ মূল ভোট কাৰ পক্ষলৈ যায়, সেয়া সময়ত নিশ্চিত হ’ব ৷ আজি অসম জাতীয় পৰিষদে বদৰুল হকক যমুনামুখ সমষ্টিৰ প্ৰাৰ্থী ৰূপে নাম ঘোষণা কৰাত উৎফুল্লিত হৈ পৰে বদৰুলৰ কৰ্মী-সমৰ্থকসকল ৷ আজি সন্ধিয়া শতাধিক দলীয় কৰ্মী আৰু সমৰ্থকে বদৰুলক ডবকাৰ পৰা বাইক, চাৰিচকীয়া বাহনেৰে আদৰি লৈ যায় ৷ ডবকাৰ বিভিন্ন স্থানত ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে বদৰুলৰ সমৰ্থকে ৷ এই পৰ্যন্ত যমুনামুখ সমষ্টিত আজমল বনাম ৰাইজৰ দল, অজাপ আৰু অগপৰ দুৰ্বল প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী যুদ্ধ হব ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here