যমুনামুখত আজমলৰ ভেটি অক্ষুন্ন থাকিবনে ? থৰক-বৰক বিৰোধী শিবিৰ

    0
    170

    যমুনামুখত আজমলৰ ভেটি অক্ষুন্ন থাকিবনে ? থৰক-বৰক বিৰোধী শিবিৰ

    জমিৰ উদ্দিন তালুকদাৰ, ডবকা ১১ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত যমুনামুখ সমষ্টিক বহুকেই গৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে ৷ অসমৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আজমল ৷ তেখেত ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ পুত্ৰ ৷ ১৯৫১ চনৰ পৰা সমষ্টিটোক একাধিক্ৰমে ১৬ গৰাকী বিধায়কে প্ৰতিনিধিত্ব কৰিছে ৷ ১৯৫১ চনত কংগ্ৰেছ দলৰ বিমলাকান্ত বৰা, ১৯৫৭ চনত কংগ্ৰেছৰ পৰা ৰহিমুদ্দিন আহমেদ, ১৯৬২ চনত কংগ্ৰেছৰ পৰা বেগম আফিয়া, ১৯৬৭ চনত লক্ষ্মীপ্ৰসাদ গোস্বামী, ১৯৭২ চনত কংগ্ৰেছ দলৰ পৰা দেবেন্দ্ৰনাথ বৰা, ১৯৭৮ চনত জনতা দলৰ পৰা মোজাম্মিল আলী চৌধুৰী, ১৯৮৩ চনত কংগ্ৰেছ দলৰ পৰা ফৰমান আলী, ১৯৮৫ চনত ইউএমএফৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবী, ১৯৯১ চনত কংগ্ৰেছ দলৰ পৰা পুনৰবাৰ আব্দুল জলিল ৰাগিবী নিৰ্বাচিত হয় ৷ একেদৰে ১৯৯৬ আৰু ২০০১ চনত সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ অগপ দলৰ পৰা আলহাজ খলিলুৰ ৰহমান চৌধুৰী বিধায়ক নিৰ্বাচিত হৈছিল ৷ ২০০৬ চনত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হয় মৌলানা বদৰুদ্দিন আজমল ৷ তেওঁ এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় ৷ বদৰুদ্দিন আজমলে সেই বছৰ দুটা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাত যমুনামুখ আসন খন এৰি দিয়ে ৷ অনুষ্ঠিত হয় উপ নিৰ্বাচন ৷ ২০০৬ চনত সমষ্টিটোত অনুষ্ঠিত উপ নিৰ্বাচনত এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমল ৷ তাৰ পিছৰ পৰা ক্ৰমান্বয়ে ২০১১ চনত ছিৰাজুদ্দিন আজমল, ২০১৪ চনৰ উপ নিৰ্বাচনত আব্দুৰ ৰহিম আজমল, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত আব্দুৰ ৰহিম আজমল পুনৰ বিধায়ক নিৰ্বাচিত হয় ৷ সমষ্টিটোত এতিয়ালৈকে দুটাকৈ উপ নিৰ্বাচন সহ মুঠ ১৬ বাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় ৷ তাৰে মৌলানা আব্দুল জলিল ৰাগিবী, আলহাজ খলিলুৰ ৰহমান চৌধুৰী, ছিৰাজুদ্দিন আজমল, আব্দুৰ ৰহিম আজমল সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকীসকল এবাৰকৈ নিৰ্বাচিত হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰা সুযোগ পায় ৷ এতিয়ালৈকে সমষ্টিটোক মুঠ ১২ গৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ তাৰে মোজাম্মিল আলী চৌধুৰী (১৯৭৮), ফৰমান আলী (১৯৮৩), মৌলানা আব্দুল জলিল ৰাগিবী (১৯৮৫, ১৯৯১), আলহাজ খলিলুৰ ৰহমান চৌধুৰী (১৯৯৬, ২০০১) যমুনামুখৰ স্থানীয় ভোটাৰ হোৱাৰ বিপৰীতে বাকী আটাইসকল সমষ্টিৰ বাহিৰৰ লোকে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে ৷ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক গৰাকীও হোজাই সমষ্টিৰ গোপালনগৰৰ ভোটাৰ ৷ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাঁথো দুটা মাহ সময় বাকী ৷ এনে অৱস্থাত ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে যমুনামুখতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ এইবাৰ সমষ্টিটোত হব আকৰ্ষণীয় যুঁজ ৷ আজমলৰ দূৰ্গ ৰূপে পৰিচিত সমষ্টিটোত কংগ্ৰেছ, অগপ, ৰাইজৰ দলৰ লগতে বিজেপিৰো ব্যাপক উত্থান দেখা গৈছে ৷ ৰাইজৰ দলেও খোপনি পুতিছে সমষ্টিটোত ৷ পিছপৰি থকা নাই অসম জাতীয় পৰিষদো ৷ মুটামুটি প্ৰায় কেইটা দলৰ সৱল সাংগঠনিক ভেটি থকা সমষ্টিটোত এঘড়ী যুঁজিবলৈ সকলো দলে কঁকালত টঙালি বান্ধিছে ৷ নিৰ্বাচনী মিত্ৰতা, আসন বুজাবুজি, টিকট বঞ্চিতৰ ক্ষোভ আদিয়ে পৰৱৰ্তী প্ৰেক্ষাপট বহুখিনি সলনি কৰিব ৷ কিন্তু এই পৰ্যন্ত সমষ্টিটোত নিৰ্বাচনী যুঁজত নামিবলৈ যিসকল ব্যক্তিৰ নাম উচ্চাৰণ হৈছে, সেই সকল হৈছে ক্ৰমে এআইইউডিএফৰ পৰা বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আজমল, প্ৰাক্তন বিধায়ক তথা বৰপেটাৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমল, মোহাম্মদ আলী, হাম হস্পিটালৰ ন্যাসৰক্ষী শ্বহিদ আহমেদ আৰু মৌলানা আব্দুল কাদিৰ কাছিমী ৷ নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল হৈছে ক্ৰমে সাংবাদিক জিয়াউৰ ৰহমান, অধিবক্তা আব্দুল হাচিব, পঞ্চায়ত সভাপতি বদৰুল হক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আবু জাফৰ আটিয়া ৷ একেদৰে অগপৰ পৰা এনামুল কৰিম চৌধুৰী, ৰেজাউল কৰিম চৌধুৰী, জিয়া উদ্দিন আহমেদৰ নাম চৰ্চালৈ আহিছে ৷ কংগ্ৰেছৰ দলীয় টিকটৰ বাবে আবেদন কৰিছে ৰেহান উদ্দিন, মাহমুদ হুছেইন, ৰেজিয়া চুলতানা, আব্দুল হান্নান আৰু চাহাবুদ্দিন মজুমদাৰে ৷ শাসকীয় বিজেপিৰ পৰা চৰ্চালৈ অহা নাম কেইটা হৈছে ক্ৰমে অমৰজ্যোতি শইকীয়া, নজমুল আলম লস্কৰ আৰু বিলাল উদ্দিন ৷ অখিল গগৈৰ ৰাজনৈতিক পাৰ্টি ৰাইজৰ দলৰ পৰা সবল টিকট প্ৰত্যাশী দিলোৱাৰা বেগম চৌধুৰী ৷ এই দৃষ্টিত যমুনামুখত আজমল বিৰোধী ভোট বহুকেইটা ভাগত বিভক্ত ৷ যিয়ে আজমলক পুনৰবাৰ সমষ্টিটো জয় কৰাৰ সুযোগ দিব পাৰে ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা, এজেপি-ৰাইজৰ দলৰ মিত্ৰতা, অগপ-বিজেপিৰ মিত্ৰতা ঠিকে থাকিলে বহু কেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আশাত চেঁচাপানী পৰিব ৷ ছটা দলৰ মাজত চৰ্চিত মিত্ৰতা হৈ গ’লে সমষ্টিটোত এখন সম্ভাৱ্য ত্ৰিকোণীয় যুঁজ হ’ব ৷ যিখন যুঁজ খুবেই আকৰ্ষণীয় হব ৷ এই যুঁজখনৰ জৰিয়তে যমুনামুখত উদয় হব পাৰে এটি নতুন ৰাজনৈতিক শক্তিৰ ৷ মুটামুটি কথা হল, যমুনামুখ জয় কৰা আজমলৰ বাবে খুব সহজ হৈ থকা নাই ৷ বিৰোধী শিবিৰৰ বিভাজনে সুযোগ আনি দিব পাৰে আজমললৈ ৷ থৰক-বৰক বিৰোধী শিবিৰে ঐক্যৱদ্ধ যুঁজ দিয়াৰ আশাও দেখা নাই যমুনামুখত ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here