যোৰহাট-গুৱাহাটীৰ নৈশ্য বাছত মাজুলীৰ বৃদ্ধ দাম্পত্যক হাৰাশাস্থি,বাছৰ ড্ৰাইভাৰ,হেণ্ডিমেনৰ কাণ্ডজ্ঞানহীন স্বৰূপ

    2
    111

    যোৰহাট-গুৱাহাটীৰ নৈশ্য বাছত মাজুলীৰ বৃদ্ধ দাম্পত্যক হাৰাশাস্থি,বাছৰ ড্ৰাইভাৰ,হেণ্ডিমেনৰ কাণ্ডজ্ঞানহীন স্বৰূপ
    মাজুলীৰ পৰা কল্পজিৎ শইকীয়া,২৭জানুৱাৰীঃ যোৰহাট গুৱাহাটীৰ মাজত নিশাৰ ভাগত চলা চল কৰা নৈশ বাছ(চুপাৰ)সমুহত বিভিন্ন সময়ত বিভিন্ন ধৰনৰ অঘটন সংঘটিত হৈ আহিছে ৷ সাধাৰণতে নিশা কেবিনৰ সিপাৰে বহু ঘটনাই সংঘটিত হয় , যি সমুহ ঘটনা কেতিয়াবা পোহৰলৈ আহে আৰু কেতিয়াবা নহাকৈয়ে থাকি যায় ৷ এনে বহু ঘটনাৰ মাজতে যোৱা ২৫ জানুৱাৰীত যোৰহাটৰ পৰা গুৱাহাটীৰ অভিমুখে যোৱা AS -02- GC – 6669 নম্বৰৰ শিৱাজী নামৰ নৈশ বাছ খনত এক অঘটন সংঘটিত হয় ৷ জানিব পৰা মতে , ২৫ জানুৱাৰীত মাজুলী বৰগুৰি ৰঙাচাহী গাঁৱৰ বাপুকন বণিয়া আৰু সৰুমাই বণিয়া নামৰ ৬০ উদ্ধৰ দাম্পত্য এহাল যোৰহাটৰ পৰা উপৰুক্ত নম্বৰৰ নৈশ চুপাৰ খনত গুৱাহাটীলৈ বুলি ৰাওনা হয় ৷ পত্নীক বি বৰুৱা কেঞ্চাৰ হস্পিতালত চিকিৎসাৰ বাবে নিছিল স্বামী বাপুকন বণিয়াই ৷ কিন্ত নিশা প্ৰায় ১১ মান বজাত নৈশ চুপাৰ খন বোকাখাট চহৰৰ পৰা কিছু নিলগৰ NRL তেল দিপুত টেল ভৰাবলৈ সোমায় ৷ গাড়ী ৰখাৰ পিছত দাম্পত্যহালৰ বাপুকন বণিয়া দিপুৰ সন্মুখত পাস্বাৱ কৰিবলৈ বুলি বাছ খনৰ ড্ৰাইভাৰ ,হেণ্ডিমেনক অৱগত কৰি নামি যায় ৷ কিন্ত ইন্ধন ভৰাইয়ে বাছ খনে সেই বৃদ্ধ লোক জনক নোটোলকৈয়ে ৰাওনা হয় ৷ সেই সময়ত পৰিবাৰ সৰুমাই বণিয়া টোপনিত নিশা ১:৩০ মান বজাত সাৰ পাই কাষত স্বামীক নেদেখি হুৱাদুৱা লগায় । ইফালে , কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীয়া পত্নীয়ে চিঞৰ বাখৰ কৰাৰ পিছতো বাছৰ ড্ৰাইভাৰ-হেণ্ডিমেনে কথাটো গুৰুত্বপূৰ্ণ হিচাপে নলৈ যাত্ৰী জনৰ প্ৰতি দোষ ঠেলি দি দায় সৰা চেষ্টা কৰাৰ অভিযোগ ভুক্তভোগীৰ ৷ আনহাতে,সেই বাছতেই মাজুলীৰ পৰা গুৱাহাটীলৈ যোৱা শিক্ষিত যুৱক প্ৰশান্ত হাজৰিকাই এই প্ৰতিবেদকৰ সৈতে নিশা ফোন যোগে যোগাযোগ কৰি বোকাখাট থানাৰ আৰক্ষীৰ লগতো বিষয়টো আলোচনা কৰে ৷ বোকাখাট আৰক্ষীৰ সহযোগত প্ৰশান্ত হাজৰিকাৰ চেষ্টাত কালি পুৱা গুৱাহাটী আই এছ বি টিত দুয়ো দাম্পত্যক একেলগ কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাত ৰোগীয়া সৰুমাই বণিয়া মানসিক ভাৱে ভাগি পৰাৰ সময়ত প্ৰশান্ত হাজৰিকা নামৰ মাজুলীৰ এই শিক্ষিত যুৱক জনে নিজ মাতৃৰ দৰে ৰোগীয়া মহিলা গৰাকীক মানসিক সাহস দি গুৱাহাটীলৈকে সংগ দি বাছৰ কতৃপক্ষৰ লগত কথা বতৰা পাটি দাম্পত্য হালক সহায় কৰা কাৰ্য সচাকৈয়ে শলাগিবলগীয়া ৷ ইফালে , এই ঘটনাত মাজুলীৰ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এক কথাত এই নৈশ বাছ সমুহৰ মালিকপক্ষ, ড্ৰাইভাৰ আৰু হেণ্ডিমেন সকলৰ অমনোযোগিতা ,যাত্ৰীৰ সা-সুবিধাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই এনে ধৰনৰ অঘটন সঘন সংঘটিত হৈ আহিছে ৷ এনেবোৰ ক্ষেত্ৰত চৰকাৰৰ বিয়াগোম পৰিবহন বিভাগে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি যাত্ৰাৰ জীৱন ,সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত জৰুৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে বুলি দল,সংগঠন আৰু সচেতন মহলে মন্তব্য প্ৰদান কৰিছে ৷

    2 COMMENTS

    1. I’m really inspired together with your writing abilities and also with the format to your weblog.

      Is that this a paid subject or did you customize it your self?
      Anyway keep up the nice high quality writing, it’s uncommon to
      look a great weblog like this one nowadays..

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here