লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক পুনৰ টিকট প্ৰদানৰ দাবী উত্থাপন কৰি লাহোৱালৰ ৰাজপথত উত্তাল প্ৰতিবাদ দলৰ কৰ্মী

    0
    65

    লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক পুনৰ টিকট প্ৰদানৰ দাবী উত্থাপন কৰি লাহোৱালৰ ৰাজপথত উত্তাল প্ৰতিবাদ দলৰ কৰ্মী
    দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ৪ মাৰ্চ : ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱাৰ টিকট কটন কৰা কথাই সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে এতিয়া সমষ্টিত তৃনমূল পৰ্যায়ত দেখা গৈছে প্ৰতিবাদৰ জোঁৱাৰ । চৰকাৰৰ উচ্চ প্ৰদৰ্শ বিষয়াক লাহোৱাল সমষ্টিৰ পৰা ঋতুপর্ণ বৰুৱাক টিকট পুনৰ প্ৰদান নকৰিলে লাহোৱালত বিজেপিৰ দলীয় কৰ্মীয়ে দল ত্যাগ কৰিব বুলি জানিবলৈ দিয়ে । বৰ্ত্তমান চাবুৱা সমষ্টি বিধায়ক বিনোদ হাজৰিকাক লাহোৱাল সমষ্টিত টিকট প্ৰদান কৰি লাহোৱাল সমষ্টি বিধায়ক ঋতুপৰ্ণ বৰুৱা নাম কৰ্তন কৰা বুলি আলোচনা হোৱাৰ পাছতে এতিয়া লাহোৱাল সমষ্টিত দেখা গৈছে বিভিন্ন শ্লোগান দি বিজেপি কৰ্মী প্ৰতিবাদ । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰি বিনোদ হাজৰিকা “গৌ”বেক ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে দলৰ কৰ্মী সকলে। আনহাতে , ঋতুপৰ্ণ বৰুৱা স্থানত বিনোদ হাজৰিকা টিকট প্ৰদান কৰে , তেন্তে লাহোৱাল সমষ্টিত বিজেপি কৰ্মী সকলে পদ ত্যাগ কৰিব বুলি প্ৰতিবাদ স্থানৰ পৰাই হুংকাৰ প্ৰদান কৰে যদিও এতিয়া সময়ে কোন ফালে গতি কৰে পৰৱৰ্তী সময়ত গম পোৱা যাব।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here