লুৰীনজ্যোতিৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত মাণিকপুৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী ধৰ্না

দুৰ্নীতিৰ দৰ্পণ, মাণিকপুৰ, ২ মাৰ্চঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ খণ্ড উন্নয়ন কাৰ্য্যালয় চৌহদত আজি দুপৰীয়া অসম জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত অসম জাতীয় পৰিষদৰ নেতা কৰ্মী আৰু ৰাইজৰ দলৰ নেতা কৰ্মীয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ সহ দলটোৰ জেষ্ঠ নেতাক নলবাৰীৰ বৰক্ষত্ৰীত আক্ৰমণ কৰা দুষ্কৃতিকাৰীৰ গ্ৰেপ্তাৰ আৰু উপযুক্ত শাস্তিৰ দাবীত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। প্ৰতিবাদকাৰী সকলে লুৰীনজ্যোতি গগৈ জিন্দাবাদ,অসম জাতীয় পৰিষদ জিন্দাবাদ, লুৰীনজ্যোতি গগৈৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক, বিজেপি হায় হায়, বিজেপি গো বেক, বিজেপিৰ গুন্দাগিৰী নচলিব আদি শ্লোগান দি মাণিকপুৰ উন্নয়ন খণ্ড কাৰ্য্যালয় চৌহদ উত্তাল কৰি তোলাৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে নিৰ্বাচনী আয়োগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here