শিৱসাগৰ জিলাত ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ ‘ড্ৰাই ৰান’ কাৰ্য্যসূচীৰ সফল সামৰণি

0
202
শিৱসাগৰ জিলাত ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ ‘ড্ৰাই ৰান’ কাৰ্য্যসূচীৰ সফল সামৰণি
দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেস্ক , অমৃত কুমাৰ শৰ্মাঃ শিৱসাগৰ জিলাত ৮ জানুৱাৰীত ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ “ড্ৰাই ৰান” কাৰ্য্যসূচীৰ সফল সামৰণি পৰে ৷ এই ড্ৰাই ৰান অনুশীলন জিলাখনৰ চাৰিটাকৈ স্বাস্থ্য সেৱা প্ৰতিষ্ঠান ক্ৰমে- শিৱসাগৰ অসামৰিক চিকিৎসালয় , উড নগৰীয়া স্বাস্থ্য কেন্দ্ৰ, স্বৰ্গদেউ চ্যুকাফা মাল্টি-স্পেচিয়েলিটি চিকিৎসালয় আৰু খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা দিনৰ ১১ বজালৈ সম্পন্ন কৰা হয় । প্ৰতিখন স্বাস্থ্য সেৱা প্ৰতিষ্ঠানত ২৫ গৰাকীকৈ মুঠ ১০০ গৰাকী হিতাধিকাৰীক এই অনুশীলনত সাঙুৰি লোৱা হয় । এই হিতাধিকাৰীসকল মূলতঃ স্বাস্থ্য সেৱাৰ লগত জড়িত লোক যেনে চিকিৎসক , নাৰ্চ , লেব টেকনিচিয়ান , আশাকৰ্মী , আংগনবাড়ী কৰ্মীক আগতীয়াকৈ নিৰ্বাচিত কৰা হৈছিল আৰু তেওঁলোকে এই অনুশীলনত হিতাধিকাৰী হিচাপে অংশগ্ৰহণ কৰে ৷ এই অনুশীলনৰ অংশস্বৰূপে ক’ভিড ভেকচিন পৰিবহণ, ভেকচিন প্ৰদান কৰাৰ পাছত CoWIN পৰটেলত তথ্য আপলোড কৰা লৈকে কৰিবলগীয়া সম্পূৰ্ণ প্ৰক্ৰিয়াৰ পূৰ্ণকালীন অনুশীলন সম্পন্ন কৰা হয় ৷ একেদৰে , স্বাস্থ্য কেন্দ্ৰত হিতাধিকাৰীসকলে মানি চলিবলগীয়া ক’ভিড প্ৰট’কল যেনে হাত ধোৱা, মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে ল’বলগীয়া ব্যৱস্থা উপলব্ধ কৰোৱা হয় ৷ শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই স্থানীয় উড নগৰীয়া স্বাস্থ্য কেন্দ্ৰত চলি থকা অনুশীলনৰ সময়ত উপস্থিত হৈ সমগ্ৰ প্ৰক্ৰিয়াৰ বুজ লয় ৷ উপায়ুক্ত গৰাকীৰ লগত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত চন্দনা বৰুৱাও উপস্থিত থাকে । শিৱসাগৰ জিলা উপায়ুক্তগৰাকীয়ে অনুশীলনৰ অন্তত স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা টাস্ক ফৰ্চৰ এখন বৈঠকতো মিলিত হোৱাৰ লগতে সমগ্ৰ জিলাত সম্পন্ন হোৱা অনুশীলনৰ লগতে স্বাস্থ্য বিভাগৰ বিভিন্ন কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে বুজ লয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here