শিৱসাগৰ হাঁহচৰাত যুৱ সমাজৰ দ্বাৰা”ভীষ্মপৰ্ব” ভাওনা প্ৰদৰ্শন

    3
    133

    শিৱসাগৰ হাঁহচৰাত যুৱ সমাজৰ দ্বাৰা”ভীষ্মপৰ্ব” ভাওনা প্ৰদৰ্শন

    দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ পৰা মুকুল বাইলুঙৰ প্ৰতিবেদন , ৭ মাৰ্চ : শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ভক্তি ৰসৰ অন্যতম ধাৰাটিয়ে হৈছে ভাওনা । নৱ ৰসৰ সৃষ্টি কৰি শ্ৰৱণ-কীৰ্তন আৰু দৰশনৰ মাধ্যমে মুক্তি লাভৰ যি পথ সমগ্ৰ মানৱ জাতিলৈ দি গ’ল , সেয়ে হৈছে ভাওনা । এনে মহান আধ্যাত্মিক চিন্তা-চেতনা আজিৰ যুৱ সমাজৰ মাজত দেখিবলৈ পোৱা এক শুভ লক্ষণ । শিৱসাগৰ হাঁহচৰা শলগুৰীয়া গাঁৱৰ যুৱ সমাজে বিগত বৰ্ষৰ দৰে এই বাৰো মহাভাৰতৰ “ভীষ্মপৰ্ব”ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে । ৬ মাৰ্চৰ পুৱা ৯ বজাত ভাগৱতসহ শুভা যাত্ৰাত শতাধিক যুৱক-যুৱতী সকলে অংশ-গ্ৰহণ কৰি সুন্দৰ নিদৰ্শন দাঙি ধৰে । সন্ধিয়া ভীষ্মপৰ্ব ভাওনা খনি উদ্বোধন কৰে বিশিষ্ট দেহশ্ৰী খিতাপ অৰ্জন কৰা দীপক গগৈয়ে । এই উদ্বোধনী অনুষ্ঠানতে সমাজ জীৱনলৈ বিশেষ ভাৱে অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা লগতে কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে ।

    3 COMMENTS

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here