শ্ৰমিকৰ মজুৰী বৃদ্ধি, জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদানৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদী সমদল, অবস্থান ধৰ্মঘট , উত্তাল মোৰনাই চাহ বাগিছা 

    2
    109

    শ্ৰমিকৰ মজুৰী বৃদ্ধি, জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদানৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদী সমদল, অবস্থান ধৰ্মঘট , উত্তাল মোৰনাই চাহ বাগিছা

    দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰুহুল আমিন সেখ ,তামাৰহাট ,২১ জানুৱাৰী : কোকৰাঝাৰ জিলা তথা গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত মৰনাই চাহ বাগিচাৰ শ্ৰমিক সকলে বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । জানিব পৰা মতে , বিভিন্ন সা সুবিধা তথা উচিত মজুৰীৰ পৰা বঞ্চিত  মৰনাই চাহ বাগিচা খনৰ শ্ৰমিক সকলে আজি ৰাতিপুৱা আঠ বজাত এক প্ৰতিবাদী সমদল উলিয়াই চাহ শ্ৰমিক সকলৰ দাবী সমুহ পূৰণ কৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে । চাহ শ্ৰমিকৰ দাবী পূৰণ নকৰিলে আগন্তুক বিধান সভা নিৰ্বাচনত বি জে পি দলটোক উচিত শিক্ষা দিব বুলি শ্ৰমিক সকলে সকিয়াই দিয়ে ।  শ্ৰমিক সকলৰ মজুৰী বৃদ্ধি, আদিবাসী সকলৰ জনজাতিকৰণ, বাগানৰ শিক্ষিত লৰা ছোৱালীক চাকৰি প্ৰদান, বাগানৰ শ্ৰমিকৰ প্ৰতিটো একাউণ্টত তিনি হাজাৰ টকাকৈ দিয়া, নাগৰিকত্ব সংশোধনী বিল বাতিল, নতুন পেঞ্চন আচঁনি বাতিল আৰু শ্ৰমিকক ভূমিৰ পট্টা প্ৰদানৰ দাবীত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত  মোৰনাই চাহ বাগিচাৰ শ্ৰমিক সকলে আজি ৰাতিপুৱা আঠ বজাত চাহ বাগিচা খনত এই প্ৰতিবাদী সমদল আৰু অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰুপায়ন কৰে । অসম চাহ মজদুৰ সংঘৰ মোৰনাই চাহ বাগিচা গোটৰ শ্ৰমিক সকলে আজি হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড আদি লৈ  ‘শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰক ”  “শ্ৰমিক সকলক ভূমিৰ পট্টা প্ৰদান কৰক ” “বি জে পি চৰকাৰ হায় হায় ” “মালিক পক্ষ মিছলীয়া ” শ্ৰমিকৰ দাবী পূৰণ নকৰিলে বিধানসভা নিৰ্বাচনত উচিত শিক্ষা দিয়া হ’ব” আদি ধ্বনিৰে প্ৰতিবাদী সমদলটো চাহ বাগিচা খন চাৰিও ফালে পৰিভ্ৰমণ কৰি বাগিচা খনৰ পৰিবেশ উত্তাল কৰি তোলে । পিছত চাহ শ্ৰমিক সকলে মোৰনাই চাহ বাগানৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অবস্থান ধৰ্মঘট পালন কৰে । উল্লেখ্য যে , অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ মজুৰী ১৬৭ টকাৰ পৰা ৩৫১ টকালৈ বৃদ্ধি কৰাৰ লগতে চাহ শ্ৰমিক সকলোক ভূমিৰ পট্টা প্ৰদান কৰাৰ বাবে অসম চৰকাৰ আৰু  চাহ বাগিচাৰ মালিক পক্ষৰ ওচৰত বহু দিনৰ পৰাই দাবী জনাই আহিছে । কিন্তু অসম চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলৰ উক্ত দাবী পূৰণ নকৰাত মোৰনাই চাহ বাগিচাৰ শ্ৰমিক সকলে আজি এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।স্মৰ্তব্য যে , আগন্তুক বিধানসভা নিৰ্বাচন আগত শ্ৰমিক সকলৰ উক্ত দাবী সমুহ পূৰণ নকৰিলে বিজেপি দলটোক উচিত শিক্ষা দিব বুলি সকিয়াই দিয়ে ।

    2 COMMENTS

    1. We are a bunch of volunteers and opening a brand new scheme
      in our community. Your site provided us with valuable information to work on. You have performed
      an impressive job and our whole neighborhood might be thankful to
      you.

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here