শ্ৰীৰামপুৰত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও, ১৩ ফেব্ৰুৱাৰী: আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ আন আন সমষ্টিৰ দৰে গোসাঁইগাঁও বিধান সভা সমষ্টিতো বিজেপিয়ে বিৰামহীনভাৱে কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে। সমষ্টিৰ তৃণমূল পৰ্য্যায়ত বিজেপি কৰ্মী সকলক শক্তিশালী কৰ্মী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে শনিবাৰে পুৱা ১০ বজাত গোসাঁইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰত সমষ্টিভিত্তিক পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত কৰে। বিজেপিৰ শ্ৰীৰামপুৰ মণ্ডল সমিতিৰ সভাপতি ইমানুৱেল হাসদাৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনত গোসাঁইগাঁও বিধান সভা সমষ্টি ৰ সমন্বয়ক ৰগুনাথ বসুমতাৰীয়ে তেঁওৰ মন্তব্যত কয় যে সাধাৰণতে জনসাধাৰণৰ মাজত এক প্ৰচলন আছে যে বিজেপি হিন্দুত্ববাদী দল কিন্তু এয়া সত্য নহয়।বিজেপীত হিন্দুৰ লগতে অধিবাসী, মুছলমান আদিকে ধৰি অসমৰ সমূহ সম্প্ৰদায়ৰ সদস্য আছে। সভাত জিলা সমিতিৰ সাধাৰন সম্পাদক দেৱৰাজ পালে কয় যে গোসাঁইগাঁও বিধান সভা সমষ্টিত বিজেপিৰ তিনিহাজাৰ পৃষ্ঠা প্ৰমুখ আছে। এই পৃষ্ঠা প্ৰমুখসকলে দলীয় স্বাৰ্থত সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ উন্নয়ন, সম্প্ৰীতিৰ স্বাৰ্থত কাম কৰিব। সভাৰ অন্তত আজিৰ সভাৰ মুখ্য অতিথি তথা অসম প্ৰদেশ বিজেপিৰ সদস্য মনদীপ ডেকাই সাংবাদিকৰ আগত কয় যে বিটিচিত দীৰ্ঘদিনে বিপিএফ দলে কৰি অহা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অনিয়মৰ বিৰুদ্ধে আগন্তক বিধান সভা নিৰ্বাচনত বিটিচিৰ ১২ খন আসন বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে দখল কৰিব। বিটিচিত ১২ খন আসনতে থকা বিপিএফ দলক উফৰাই বিজেপি মিত্ৰজোঁটে দখল কৰাটো এশ শতাংশ নিশ্চিত। তেওঁ আৰু কয় যে বিজেপিৰ ১০০+ মিছনৰ অধীনত বিজেপি মিত্ৰজোঁটে ১০৩ আসন পোৱাটো নিশ্চিত হৈছে। সভাত কেইবাজনো প্ৰাৰ্থীত্ব প্রত্যাশী ৰতন টুডু, বিপুল নাৰ্জাৰী, ৰিকেশ আগৰৱালা, জেঠমল মালো, সঞ্জীৱ দত্ত, ৰোহিলা ব্ৰহ্ম, শ্ৰীৰামপুৰৰ এমচিএলএ সজল কুমাৰ সিংহ, আদিকে ধৰি কেইবাজনো নেতৃবৃন্দ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here