সঘনে সলনি হৈছে লাহোৱালত নিৰ্বাচণী দৃশ্যপট

    0
    63

    সঘনে সলনি হৈছে লাহোৱালত নিৰ্বাচণী দৃশ্যপট

    দুৰ্নীতিৰ দৰ্পণ সেৱা , লাহোৱালৰ পৰা ফাৰহানা চুলতানা , ১২ মাৰ্চ : সমাগত নিৰ্বাচনী লাহোৱাল সমষ্টিটো অসম”ৰ ভিতৰতে উল্লেখযোগ্য স্থান লাভ কৰি আহিছে প্ৰতিটো নিৰ্বাচনতে । সমষ্টিটোত আছে ৫১ খন চাহ বাগিছা আৰু ১৭ টা গাঁও পঞ্চায়ত । প্ৰত্যেক বাৰতে বিধান সভাত সমষ্টিটোৰ ৰহমৰীয়া গঢ়াখহনীয়া বান সমস্যাই গুৰুত্ব লাভ কৰি আহিছে যদিও কেতবোৰ নিৰ্বাচনী কৌশলেৰে কংগ্ৰেছৰ এই অক্ষত দুৰ্গ লাহোৱাল সমষ্টিটো বিগত নিৰ্বাচনত বিজেপিয়ে নিজৰ দখললৈ আনে । কংগ্ৰেছে কিন্তু আগন্তূক নিৰ্বাচনত এই দুৰ্গ লাহোৱাল সমষ্টি পুণৰ উদ্ধাৰৰ প্ৰয়াস লৈছে । কংগ্ৰেছে বাগিছা ভোটাৰক হয়তো অধিক প্ৰাধান্য দিছে , যাৰ বাবে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীত্ব পুণৰ প্ৰদান কৰিছে । প্ৰাথীত্ব দিছে কংগ্ৰেছে যুৱ নেতা মনোজ ধানোৱাৰক । আশা কৰা হৈছিল চাহ বাগিছা কিছু আৰু বাগিছাৰ কিছু শতাংশ ভোট কংগ্ৰেছে লাভ কৰি নিজৰ এজন বিধায়ক লাহোৱাল অধিস্থিত কৰিব । নিৰ্বাচনী প্ৰেক্ষাপটত দেখা গৈছে কেইটামান মাহৰ ব্যৱধানতে সমষ্টিটোত বাতাবৰণ আকাশ পাতাল সলনি ঘটি ক্ৰমাৎ কংগ্ৰেছৰ দিশলৈ ঢাল লৈছে নিৰ্বাচনী বতাহ । পুৰ্বৰ কংগ্ৰেছে পোন্ধৰটা বছৰত অভিলেষ হাৰত হোৱা উন্নয়নৰ আৰু জনকল্যাণ মুলক কাম কাজক লৈ ক্ৰমাৎ কংগ্ৰেছ দলে গাঁও বাগিছা সামৰি ভোটাৰৰ আস্থা লাভ কৰা পৰিলক্ষিত হৈছে । বিসম্বাদৰ পথ পৰিহাৰ কৰি পূৰ্বৰ সমষ্টিটোৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই সমষ্টিটো ৰক্ষাৰ বাবে নিজৰ সৰ্তীথ লাহোৱালৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাক সৰ্বতো প্ৰকাৰে সহযোগ আগবঢ়াইছে । সমষ্টিটোত আছুৰ প্ৰভাৱ থকা বাবে এজেপি ঢৌ নথকা নহয় । দৰাচলতে মুল যুঁজ খন হব কংগ্ৰেছ বিজেপি”ৰ মাজতে হব ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here