সজল ফাউণ্ডেচনৰ তৰফৰ পৰা সহস্ৰধিক দৰিদ্ৰ পৰিয়ালক কম্বল বিতৰণ

0
204

সজল ফাউণ্ডেচনৰ তৰফৰ পৰা সহস্ৰধিক দৰিদ্ৰ পৰিয়ালক কম্বল বিতৰণ
দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰুহুল আমিন সেখ ,তামাৰহাট , ১২ ফেব্ৰুৱাৰী:অনাগত চাৰি বছৰৰ ভিতৰত অতিকৈ পিচপৰা আদিবাসী জনগোষ্টিৰ প্লাষ্টিকৰ ঘৰ আতৰাই চৰকাৰী আচনিৰ জৰীয়তে পকী ঘৰ কৰিব। সকলোবোৰ গাওঁলীয়া ৰাস্তা উন্নত হব। ২৮ নং গোসাইগাওঁ বিধান সভা সমষ্টিৰ তথা গ্ৰাহামপুৰ আৰক্ষী চকীৰ মৰনৈ চাহ বাগিচাৰ কালিংপুৰ গাওঁত ব্যাক্তিগত সেচ্ছাসেবী সংগঠন সজল ফাউণ্ডেশ্বনৰ তৰফৰ পৰা দুখীয়া ৰাইজৰ মাজত কম্বল বিতৰণ অনুষ্ঠানত এইদৰে মন্তব্য কৰে সজল সিংহই।এই দৰে মন্তব্য কৰাৰ লগতে কয় যে , সজল ফাউণ্ডেশ্বনে সদায় দুখীয়া ৰাইজৰ লগত থাকি সহায়ৰ হাত আগবঢ়াই আহিছে আৰু ভৱিষ্যতে সহায় কৰি থাকিব। জাতি ধৰ্ম বৰ্ন নিৰ্বিশেষে সকলো ৰাইজৰ হৈ সজল ফাউণ্ডেশ্বনে কাম কৰি ভাল পায়। সেইবাবে শীত বস্ত্ৰৰ উপৰিও বিভিন্ন উৎসৱ পাৰ্বনৰ বিহু ,ঈদ, বৰদিন, দুৰ্গা পূজাৰ সময়তো দুখীয়াৰ মাজত বিভিন্ন ধৰনে সহায় আগবঢ়াই আহিছে। বিটিএডিৰ বিভিন্ন ঠাইৰ লগতে ধুবুৰী জিলাৰ তামাৰহাটত সজল ফাউণ্ডেশ্বনৰ মূখ্যকাৰ্যলয়তো আজি প্ৰায় পাচশৰোধি ৰাইজৰ মাজত কম্বল বিতৰণ কৰি এক মহানতাৰ নিদৰ্শন দাঙি ধৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here