সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰকাশিত মুখপত্ৰ ‘প্ৰতীতি’উন্মোচন

    0
    37

    সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰকাশিত মুখপত্ৰ ‘প্ৰতীতি’উন্মোচন

    দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙাপৰা , ১০ মাৰ্চ : সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বালিপৰা শিক্ষাখণ্ড সমিতিৰ ব্যবস্থাপনাত প্ৰকাশিত মুখপত্ৰ ‘প্ৰতীতি’ কালি বিয়লি বালিপৰা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত উন্মোচন কৰা হয় । শিক্ষক বিশ্বজিৎ বৰাই আঁত ধৰা সভাত সভাপতিত্ব কৰে চপালগা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অনুপম বৰাই । শিশুৰঞ্জন গগৈ আৰু ৰাজীৱ দাসে সম্পাদনা কৰা আলোচনীখন উন্মোচন কৰে বালিপৰা শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনিষ ঠাকুৰে । তেখেতে শিক্ষক সকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু অনাগত দিনসমূহতো শিক্ষক সকলৰ এনে সৃজনশীল প্ৰতিভা আশা কৰে বুলি নিজৰ ভাষনত উল্লেখ কৰে । সভাত উপস্থিত থাকি শিক্ষক সকলৰ প্ৰতি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে বিদ্যালয় পৰিদৰ্শক ৰঞ্জন দাস , খণ্ড সমল ব্যক্তি মনেশ্বৰ বড়ো আৰু অৰূপ বৰাই । সভাত অংশগ্ৰহণ কৰি সদৌ শোণিতপুৰ জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাই প্ৰতিটো শিক্ষাখণ্ডৰ শিক্ষক সকলে এনে পদক্ষেপ হাতত লোৱা উচিত বুলি কয় । আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত থকা শিশুৰঞ্জন গগৈয়ে কয় যে ,মুখপত্ৰখনিৰ যোগেদি তেখেত সকলে শিক্ষক সকলৰ মাজত সাহিত্য চৰ্চাৰ এক প্ৰাথমিক প্ৰয়াস কৰিছে , আগলৈকো তেখেত সকলে এনে চৰ্চাৰ ধাৰা অব্যাহত ৰাখিব বুলি অৱগত কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here