সাম্প্ৰদায়িক ৰাজনৈতিক দলবোৰক ২১ ৰ বিধান সভা নিৰ্বাচনত অসমৰ মাটিৰ পৰা উৎসাত কৰাৰ হুংকাৰ লুৰিণজ্যোতি গগৈৰ

    0
    74

    হিমন্তৰ সৈতে বদৰুদ্দিন আজমলৰ গোপন বুজাবুজিৰ অভিযোগ
    সাম্প্ৰদায়িক ৰাজনৈতিক দলবোৰক ২১ ৰ বিধান সভা নিৰ্বাচনত অসমৰ মাটিৰ পৰা উৎসাত কৰাৰ হুংকাৰ লুৰিণজ্যোতি গগৈৰ

    ছাদিকুজ জামান , মোৰাঝাৰ,২৪ ফেব্ৰুৱাৰীঃ সাম্প্ৰদায়িক ৰাজনৈতিক দলবোৰক ২১ ৰ বিধান সভা নিৰ্বাচনত অসমৰ মাটিৰ পৰা উৎসাত কৰাৰ হুংকাৰ প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । আজি যমুনামুখ সমষ্টিৰ নীলবাগানৰ মোবাবৰকবস্থি আয়োজিত জাতীয় জাগৰণ সমাৱেশ উপস্থিত থাকি লুৰিণজ্যোতি গগৈয়ে ভাষণত আৰু কয়–চৰকাৰে এফালে বিনামূলীয়া চাউল খোৱাইছে,আনফালে নিত্য আৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে ৷ অসমৰ খেতিয়কে আলু,পিয়াজ,পাচলিৰ খেতি কৰিলে প্ৰতি কেজি ৫ টকা ৭ টকাত বিক্ৰী কৰিব লাগে আৰু অসমৰ বাহিৰৰ পৰা অনা আলু-পিয়াজ ৫০ টকা,৭০ টকাত কিনি খাব লাগে বুলি মন্তব্য কৰে । দুৰ্নীতিগ্ৰস্থ বিজেপি চৰকাৰখনে অসমত মাটিৰ খাজনা তিনিগুণ বৃদ্ধি কৰিছে ক্ষোভ প্ৰকাশ কৰে নেতাজনে । নিৰ্বাচন আহিলে বিজেপি চৰকাৰে আমাৰ ৰাইজক ভয় দেখুৱাই ভোট আদায় কৰে ৷ এতিয়া ৰাইজে বুজি পাইছে,ৰাইজে নিজৰ বিবেকক আৰু বিক্ৰী নকৰে ৷ বিজেপিৰ সৈয়ে বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি থকাৰ অভিযোগ তোলে । হিমন্তই শিকাই দিয়া মতে আজমলে মন্তব্য কৰে বুলি কয়,যাতে ৰাইজে ধৰ্মৰ নামত বিভাজিত হয় । ৰাইজে যেতিয়া আত্ম অধিকাৰৰ কথা কয় , তেতিয়াই ধৰ্মৰ নামত ভাগ ভাগ কৰি দিয়া হয় বুলি মন্তব্য কৰে। প্ৰায় দহ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ হোজাই জিলা সভাপতি লুৎফুৰ ৰহমানৰ সভাপতিত্বত আয়োজিত জাতীয় জাগৰণ সমাৱেশ খনত জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখপাত্ৰ ও প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে ভাষণত কয়-২৩ ফেব্ৰুৱাৰীত হোজাইত হিমন্ত বিশ্ব শৰ্মাৰ সভাত দহ সহস্ৰাধিক লোকৰ সমাৱেশ হৈছিল । সভাখনত চৰকাৰী নিৰ্দেশনা জাৰি কৰি সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষক উপস্থিত থাকিবলৈ বাধ্য কৰোৱা হৈছিল বুলি তেওঁ অভিযোগ কৰে । আজিৰ সভা খনত ৰাজ্যিক সম্পাদক ৰাজু ফুকন , যুটীয়া সম্পাদক ইমদাদ হুছেইন,সম্পাদক আব্দুল হাচিব , মহিলা নেত্ৰী মৌচুমী শৰ্মা,শিশিৰ কলিতা , বেনুমাধৱ ঘোষ , যমুনামুখ সমষ্টি সমিতিৰ মুখ্য আহ্বায়ক তথা শক্তিশালী প্ৰাৰ্থীত্বৰ দাবীদাৰ আলহাজ বদৰুল হক আদি উপস্থিত থাকে সভা খনত ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here