সেৱা ভাৰতী পূৰ্বাঞ্চল যোগ বিভাগৰ যোগ শিক্ষক কৰ্মশালা

0
135

সেৱা ভাৰতী পূৰ্বাঞ্চল যোগ বিভাগৰ যোগ শিক্ষক কৰ্মশালা
দুৰ্নীতিৰ দৰ্পণ সেৱা ,পঙ্কজ নাথ,চাংসাৰি,৩১ জানুৱাৰীঃ উত্তৰ গুৱাহাটীৰ অন্তৰ্গত যোগ নিলয়ম কেন্দ্ৰত প্ৰান্ত যোগ প্ৰমুখ অৰুপ জ্যোতি দাসৰ নেতৃত্বত ৩০ আৰু ৩১ জানুৱাৰীত ২০২১ আয়োজন কৰা দুই দিনীয়া সেৱা ভাৰতী পূৰ্বাঞ্চল যোগ বিভাগৰ গুৱাহাটী মহানগৰৰ যোগ শিক্ষক/শিক্ষয়িত্ৰী সকলৰ যোগ শিক্ষক কৰ্মশালা আৰু যোগ শিক্ষক বৈঠক এখন অনুষ্ঠিত হৈ যায়। উক্ত যোগ কৰ্মশালাত আৰু বৈঠকত পূৰ্ণ সময় উপস্থিত থাকি প্ৰশিক্ষণ দিয়াৰ উপৰিও মাৰ্গ দৰ্শন প্ৰদান কৰে সেৱা ভাৰতী পূৰ্বাঞ্চল,অসম ক্ষেত্ৰ যোগ প্ৰমুখ হিমাদ্ৰী পুৰকায়স্হ, সেৱা ভাৰতী পূৰ্বাঞ্চল প্ৰান্ত যোগ প্ৰমুখ অৰুপ জ্যোতি দাস, সেৱা ভাৰতী পূৰ্বাঞ্চল অসম ক্ষেত্ৰ সংগঠন মন্ত্ৰী সুৰেন্দ্ৰ তালখেড়কৰ ,উত্তৰ গুৱাহাটী যোগ নিলয়ম চিফ্ ডঃ ডনিৰাং ৰিয়াং, যোগ আৰু প্ৰাকৃতিক চিকিৎসক পৰশমণি বৰা আৰু জ্যেষ্ঠ যোগ শিক্ষক দ্বিজেন্দ্ৰ নাথ দাসকে ধৰি এই যোগ কৰ্মশালা আৰু বৈঠকত উপস্থিত থাকে ন-পুৰনি যোগাচাৰ্যা পুৰুষ মহিলা উভয়ৰে ২৯ গৰাকীয়ে উপস্থিত থাকি মহানগৰৰ যোগ শিক্ষক কৰ্মশালাটি সফল মণ্ডিত কৰি তোলে আৰু যোগ শিক্ষক সকলৰ অনুভৱৰ দ্বাৰা যথেষ্ট লাভালাভ হোৱা বুলি মত প্ৰকাশ কৰে । শেষত কল্যাণ মন্ত্ৰৰে যোগ কৰ্মশালা সমাপ্তি হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here